August 16, 2024 8:48 PM | ISRO

printer

শ্ৰীহৰিকটাৰ পৰা ইছৰ’ৰ EOS-08  নামৰ কৃত্রিম উপগ্রহ সফলতাৰে মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোই আজি পুৱা ৯ বাজি ১৭ মিনিটত শ্রীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ক্ষুদ্র কৃত্রিম উপগ্রহ উৎক্ষেপন যান SSLVৰ জৰিয়তে EOS-08  নামৰ এটা পৃথিৱী নিৰীক্ষণকাৰী কৃত্রিম উপগ্রহ মহাকাশলৈ প্ৰেৰণ কৰে। কৃত্ৰিম উপগ্ৰহটোৰ উৎক্ষেপনৰ লগে লগে SSLV উৎক্ষেপন যানৰ উন্নয়নৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হয়। PSLV উৎক্ষেপন যানৰ তুলনাত ১০ মিটাৰ সৰু SSLV ৰকেট পৃথিৱীৰ নিম্ন কক্ষপথত ক্ষুদ্ৰ আৰু কম ওজনৰ কৃত্ৰিম উপগ্ৰহ প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। SSLV উৎক্ষেপন যানে কম খৰচত কেইবাটাও উপগ্রহ উৎক্ষেপন আৰু নামমাত্ৰ উৎক্ষেপন আন্তঃগাঁথনিৰ সহায়ত উৎক্ষেপন অভিযান সম্পূৰ্ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। PSLVৰ তুলনাত SSLVৰ ব্যয় প্রায় ২০ৰ পৰা ৩০ শতাংশ কম।

অধিক পঢ়ক

সকলো চাওক