শ্ৰীলংকাৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে ভাৰতে ১৪ দশমিক ৯ মিলিয়ন ডলাৰ অৰ্থসাহায্যৰে মাহো-অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ চুক্তিবদ্ধ হৈছে। ভাৰতে জাফনা বিশ্ববিদ্যালয় আৰু শ্ৰীলংকাৰ ইষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা এশ গৰাকীকৈ ছাত্ৰক বাৰ্ষিক জলপানি প্ৰদানৰো সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অভ্যাগত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কেৰ মাজত আজি নতুন দিল্লীত স্বাক্ষৰিত এলানি চুক্তিৰ অধীনত ভাৰত আৰু শ্ৰীলংকাই আজি দ্বৈত কৰ পৰিহাৰ আৰু কৰ ফাকি প্ৰতিৰোধ সন্দৰ্ভতো দুই দেশ বুজাবুজিত উপনীত হয়। আজি দুয়োদেশৰ প্ৰতিনিধি মণ্ডলৰ মাজত হোৱা চুক্তি অনুসৰি শ্ৰীলংকাৰ অসামৰিক সেৱাৰ সৈতে জড়িত লোকসকলৰ প্ৰশিক্ষণ আৰু সামৰ্থ বিকাশৰ ক্ষেত্ৰতো ভাৰতে সহায় কৰিব। শ্রীমোদী আৰু শ্ৰীদিশানায়কে পাৰস্পৰিক স্বার্থজড়িত বিষয়সমূহতো আলোচনা কৰে। চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিবৃতিত শ্রীদিশানায়কে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ গ্ৰহণৰ পাছতেই তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণৰ কাৰ্যসূচী হিচাপে ভাৰতলৈ অহাৰ বাবে সন্তোষ প্রকাশ কৰে। তেওঁ কয়, যে এই ভ্রমণে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ্ক নতুন গতি আৰু শক্তি প্ৰদান কৰিব। এটা বিবৃতিত ৰাষ্ট্ৰপতি দিশানায়কেই কয়, যে অনাগত দিনবোৰত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ মৈত্রীপূৰ্ণ সম্পর্ক অধিক সূদৃঢ় হ’ব আৰু ভাৰতৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কোনো ধৰণৰ কাৰ্যকলাপত শ্ৰীলংকাৰ ভূমিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব।
ভাৰত ভ্ৰমণৰ আজি দ্বিতীয় দিনা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপতি ভৱনৰ বাকৰিত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্ভাষণ জনায়। ৰাষ্ট্ৰপতি দিশানায়কেই আজি ৰাজঘাটলৈ গৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ সমাধিতো পুস্পার্ঘ্য নিবেদন কৰে। ভাৰতত তিনিদিনীয়া ভ্ৰমণকালত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক আজি সন্ধিয়া সাক্ষাৎ কৰিব। কাইলৈ তেওঁ বিহাৰৰ বুদ্ধগয়ালৈ যাব।
উল্লেখযোগ্য যে, ভাৰতে এতিয়ালৈকে শ্রীলংকালৈ ৫০০ কোটি টকাৰ আৰ্থিক সাহায্য আৰু সহজ ঋণৰ সুবিধা প্ৰদান কৰিছে। অর্থনৈতিক সংকটৰ পৰা সকাহ পোৱা দ্বীপ ৰাষ্ট্ৰখনৰ চৰকাৰ প্ৰধানগৰাকীৰ এইবাৰৰ ভাৰত ভ্ৰমণে দুয়োখন প্রতিবেশী ৰাষ্ট্ৰৰ মাজৰ শতিকাযোৰা সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে দেশখনৰ অৰ্থনীতি পুনৰ টনকীয়াল কৰাত প্ৰভূত অৰিহণা আগবঢ়াব বুলি আশা কৰা হৈছে।
Site Admin | December 16, 2024 7:46 PM | Indo-Srilanka
শ্ৰীলংকাৰ মাহো-অনুৰাধাপুৰা খণ্ডৰ বিকাশ প্ৰকল্পত বিনিয়োগ কৰিবলৈ ভাৰত চুক্তিবদ্ধ
