যোৰহাটৰ ম’হবন্ধা এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত চলি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি পৰিব। আজি পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসংগৰ লগতে পুৱা ৮ বজাৰ পৰা নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আৰু দিনৰ ভাগত সেৱা বাহিনীৰ অন্তৰংগ অনুষ্ঠান, ধর্মালোচনা সভাৰো আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। সন্ধিয়াৰ ভাগলৈ সংঘৰ মূল পতাকা অৱনমিত কৰি পৰৱৰ্তী আয়োজক সমিতিৰ হাতত অৰ্পণ কৰা হ’ব।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে তেজপুৰ জিলা শাখাই আয়োজক সমিতিৰ পৰা সংঘৰ মূল পতাকা গ্ৰহণ কৰিব ৷ আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অধিৱেশনৰ তৃতীয় দিনা কালি পুৱা সংঘৰ নৱনিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই সংঘৰ মূল পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে ভাগৱত ভ্ৰমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে হৰিনামৰ ধ্বনিৰে আকাশ-বতাহ মুখৰিত হয়। এই শোভাযাত্ৰাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। সন্ধিয়া অধিৱেশনৰ মূল মঞ্চত সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰাৰ লগতে নামপ্ৰসংগ আৰু অংকীয়া নাটো পৰিৱেশন কৰা হয়। আজি নিশা সমূহীয়া প্ৰাৰ্থনাৰে ৯৪ সংখ্যক অধিৱেশনৰ কাৰ্যসূচীৰ সামৰণি পৰিব।
Site Admin | February 9, 2025 12:00 PM | Srimanta sankardev sangha
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশনৰ আজি সামৰণি
