ডাউনলোড
মোবাইল এপ

android apple
signal

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি

অহা ৬ ফেব্ৰুৱাৰীৰ পৰা হ’বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলি আছে। যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অধিৱেশনলৈ ভকত-বৈষ্ণৱসকলক আদৰাৰ বাবে আদৰণি সমিতিয়ে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি যোৰহাট জিলা শাখাৰ আতিথ্যত বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগিতাত আয়োজন কৰা এই অধিৱেশনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱসকলে অংশগ্ৰহণ কৰিব। আজি ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ নামঘৰত ধৰ্মধবজা প্ৰতিষ্ঠা কৰা হয়।

অধিক পঢ়ক

সকলো চাওক