ডাউনলোড
মোবাইল এপ

android apple
signal

শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নির্বাচন হ’বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি ১১ এপ্ৰিলৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা ১১ বজাৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াক মনোনয়ন পত্র প্ৰাৰ্থীয়ে নিজে বা প্ৰস্তাৱকৰ জৰিয়তে দাখিল কৰিব পাৰিব। ১২ এপ্ৰিলৰ পুৱা ১০.৩০ বজাৰ পৰা একে স্থানতে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত একেস্থানতে মনোনয়ন প্ৰত্যাহাৰৰ বাবে দাখিল কৰিব পাৰিব। জিলাখনত ১৬ খন জিলা পৰিষদৰ আসনৰ বাবে ১৬ জন সদস্য, ৯৫ জন আঞ্চলিক পঞ্চায়ত সদস্য আৰু ৯৫০ জন গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচনৰ বাবে ২ মে’ত ভোটগ্রহণ হ’ব। হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি জিলাখনত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ’ব। জিলাখনত ৭৭৪টা ভোটকেন্দ্ৰত ভোটগ্রহণ হ’ব। জিলাখনত মুঠ ভোটাৰৰ সংখ্যা ৬ লাখ ৩০ হাজাৰ ৬০০ গৰাকী। ইয়াৰে ৩ লাখ ৩০ হাজাৰ পুৰুষ ভোটাৰ আৰু ৩ লাখ ৭ হাজাৰ ৫৯১ গৰাকী মহিলা আৰু অন্যান্য ৯ গৰাকী ভোটাৰ আছে। জিলাখনত পঞ্চায়ত নিৰ্বাচন পৰিচালনা কৰিবলৈ ৩ হাজাৰ ৭১৬ গৰাকী বিষয়া নিয়োগ কৰা হ’ব। গাঁও পঞ্চায়তৰ সদস্যসকলৰ বাবে মনোনয়ন দাখিল কৰিবলৈ জিলাখনৰ ৫টা খণ্ডত ব্যৱস্থা কৰা হৈছে। জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ প্ৰাৰ্থীয়ে জিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং সমজিলা কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব পাৰিব। একে সময়তে জিলা প্রশাসনে নিৰ্বাচনৰ প্ৰচাৰ সভাৰ ক্ষেত্ৰতো নীতি-নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ আন কেইবাখনো জিলাৰ লগতে ৭ মে’ত দ্বিতীয় পৰ্যায়ত ভোটগ্রহণ হ’বলগীয়া দৰং জিলাতো নিৰ্বাচন নিকা আৰু মুক্তভাৱে পৰিচালনা কৰিবলৈ জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পন্ন কৰিছে। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে জনোৱা অনুসৰি জিলাখনৰ ১২টা জিলা পৰিষদ সমষ্টি, ৭৫ খন আঞ্চলিক পঞ্চায়ত আৰু ৭৫০ খন পঞ্চায়ত ৱাৰ্ড আসনৰ বাবে ভোটগ্রহণ হ’ব।

অধিক পঢ়ক

সকলো চাওক