কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকসকলক গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ততালিকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ প্ৰতি পৰামৰ্শাৱলী জাৰি কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই কয়, যে শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে এই সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য সচিব আৰু প্ৰশাসকসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। তেওঁ কয়, যে শ্ৰমিকসকলৰ বাবে গ্ৰীষ্ম প্ৰৱাহৰ পৰা সুৰক্ষা প্ৰদানৰ ব্যৱস্থাৱলী ফলপ্ৰসূভাৱে ৰূপায়ণ কৰিবলৈ নিয়োগকর্তা, উদ্যোগ আৰু নিৰ্মাণ কোম্পানীসমূহক নির্দেশ দিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক কোৱা হৈছে। পৰামৰ্শাৱলীত দিনৰ আটাইতকৈ বেছি গৰম পৰা সময়খিনি এৰাই চলাৰ বাবে কামৰ সময় পুনৰ নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি, শ্রমিকসকলৰ বাবে পৰ্য্যাপ্ত খোৱা পানী আৰু নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। শ্রীমন্দাভিয়াই কয়, যে ই এছ আই চিৰ অধীনত চিকিৎসালয় আৰু ঔষধালয়সমূহক গ্রীষ্ম প্ৰৱাহজিনত সমস্যাৰ বাবে সুকীয়া ডেস্ক স্থাপন কৰিবলৈ আৰু গ্ৰীষ্ম প্ৰৱাহজনিত ৰোগ নিয়ন্ত্ৰণৰ বাবে অ’ আৰ এছ, আইচপেক আৰু অন্য প্রয়োজনীয় সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ কোৱা হৈছে।
Site Admin | April 22, 2025 8:32 PM | heat wave
শ্ৰমিকৰ বাবে গ্ৰীষ্ম প্ৰৱাহৰ পৰা ৰক্ষা সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ কেন্দ্ৰৰ পৰামৰ্শ
