ডাউনলোড
মোবাইল এপ

android apple
signal

November 14, 2024 9:33 AM | Election | Sri Lanka

printer

শ্রীলংকাই নতুন সংসদ নির্বাচনৰ বাবে আজি ভোটদান কৰিব

নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কেৰ বাবে এটা গুৰুত্বপূৰ্ণ পৰীক্ষাত আজি শ্রীলংকাই নতুন সংসদ নির্বাচনৰ বাবে ভোটদান কৰিব। ১ কোটি ১৭ লাখৰো অধিক ভোটাৰে ২২৫ জনীয়া সংসদীয় আসনৰ বাবে ৮ হাজাৰ ৮০০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। শ্ৰী দিশানায়কেৰ সংস্কাৰ কাৰ্যসূচীক আগুৱাই নিবলৈ সংসদত সংখ্যাগৰিষ্ঠতা লাভৰ লক্ষ্য লোৱা বাবে এই নির্বাচনক লীটমাচ টেষ্ট হিচাপে দেখা গৈছে। শাসকীয় দলটোৱে ছাজিথ প্রেমাদাশাৰ নেতৃত্বত গঠিত ছামাগী জন বালাৱেগয়া আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাণিল উইক্রেমসিংহৰ সৈতে মিত্ৰতা কৰা নিউ ডেমক্রেটিক ফ্ৰণ্টকে ধৰি বিৰোধী দলসমূহৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। খাদ্য আৰু ইন্ধনৰ মূল্য বৃদ্ধি আৰু আই এম এফৰ বেইল আউটৰ সৈতে জড়িত কঠোৰতাই অধিক তীব্ৰতৰ কৰি তোলা অর্থনৈতিক উদ্বেগৰ কাৰণ উত্থাপন কৰি এই নিৰ্বাচনত জনসাধাৰণৰ বাবে পৰিৱৰ্তনৰ জোৱাৰ অনাত গুৰুত্ব দিছে।

অধিক পঢ়ক

সকলো চাওক