ডাউনলোড
মোবাইল এপ

android apple
signal

শ্বিলঙত দ্বিতীয় উত্তৰ-পূব অসামৰিক বিমান পৰিবহন সন্মিলন

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ৰ উদ্যোগত আজি শ্বিলঙত দ্বিতীয় উত্তৰ-পূব অসামৰিক বিমান পৰিবহণ সন্মিলন অনুষ্ঠিত হয়। বিভাগীয় কেন্দ্রীয় মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ অধ্যক্ষতাত এই সন্মিলনৰ অংশ হিচাপে আয়োজিত ৰাজ্যসমূহৰ দৃষ্টিভংগী শীৰ্ষক বৈঠকত অসমৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত পৰিবহণ মন্ত্ৰীগৰাকীয়ে অসম তথা উত্তৰ-পূবত অসামৰিক বিমান পৰিবহণ খণ্ডৰ পৰিসৰ বৃদ্ধি আৰু বিকাশৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰে। তেওঁ ৰাজ্যখনৰ ৬টা বিমানবন্দৰৰ প্ৰতিটোৰ মাজত নিয়মীয়াকৈ অন্তঃৰাজ্যিক বিমানসেৱা প্ৰৱৰ্তনৰ লগতে বিমান ভাড়াৰ নিৰিখ হ্ৰাস কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। তদুপৰি অসমৰ পৰা বেংকক, ঢাকা, ছিংগাপুৰ, কাঠমাণ্ডু আদি বিদেশী বিমানবন্দৰক সংযোগ কৰিব পৰাকৈ অধিকসংখ্যক নতুন আন্তঃৰাষ্ট্ৰীয় বিমানপথেৰে বিমানসেৱা আৰম্ভ কৰিবলৈও শ্ৰী মহন্তই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত দেশ-বিদেশৰ পৰ্যটকৰ সুবিধার্থে হেলিপেড স্থাপনৰ বাবেও মন্ত্ৰীগৰাকীয়ে শ্ৰী নাইডুক অনুৰোধ জনাইছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিবহণ মন্ত্ৰীগৰাকীৰ এই প্ৰস্তাৱসমূহ অসামৰিক বিমান পৰিবহণ মন্ত্ৰ্যালয়ে বিবেচনা কৰিব বুলি আশ্বাস দিয়ে। সন্মিলনত মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াবৰ্গ, উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যৰ পৰিবহণ বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডৰ আগশাৰীৰ সংস্থাসমূহৰ শীর্ষ কাৰ্যবাহী আৰু উদ্যোগী তথা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক