শ্বিলঙৰ নিযুক্তি কার্যালয়ে আজিৰে পৰা অহা ২৭ জুলাইলৈ অসমৰ কেইবাখনো জিলাৰ নিৰ্বাচিত প্রার্থীৰ বাবে শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন কৰিছে। যোৱা এপ্রিল-মে’ মাহত দেশজুৰি অনুষ্ঠিত প্ৰৱেশ পৰীক্ষাত শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁও জিলাৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে এই নিযুক্তি সমাৱেশত অংশগ্ৰহণ কৰিব পাৰিব। নিযুক্তি সমাৱেশৰ সময়ত প্ৰায় এহেজাৰ ১০০ গৰাকী নিৰ্বাচিত অগ্নিবীৰ প্ৰাৰ্থীয়ে কঠিন বাচনি পৰীক্ষাৰ মাজেৰে পাৰ হ’ব লাগিব। প্ৰাৰ্থীসকলে শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। স্বাস্থ্য পৰীক্ষাত অনুতীর্ণ প্রার্থীসকলক পৰ্যালোচনৰ বাবে তেজপুৰৰ সামৰিক চিকিৎসা লয়লৈ প্ৰেৰণ কৰা হ’ব। এই নিযুক্তি পৰীক্ষাত প্ৰাৰ্থীসকলক কোনো দালালৰ বশৱৰ্তী নহ’বলৈ সতৰ্ক কৰি দিয়া হৈছে। লগতে তেওঁলোকৰ প্ৰাসংগিক মূল নথি-পত্ৰৰ সৈতে কিউ আৰ কোডত উল্লেখ কৰা অনুসৰি নিযুক্তি মুখ্য কাৰ্যালয়, নিযুক্তি কার্যালয় শ্বিলং, তেজপুৰ আৰু মিছামাৰী চহৰৰ বিশিষ্ট স্থানসমূহত নিযুক্তি সম্পৰ্কীয় নিৰ্দেশনাসহ প্ৰচাৰ পত্ৰিকা প্ৰদৰ্শন কৰা হৈছে। অসামৰিক প্ৰশাসনে এই সমাৱেশলৈ অহা প্ৰাৰ্থীসকলৰ বাবে খোৱাপানী, ৰে’ল ষ্টেচনৰ পৰা অহা-যোৱা কৰা বাছৰ ব্যৱস্থাকে ধৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা সুনিশ্চিত কৰিছে। সেনা আৰু আৰক্ষীয়ে নিৰাপত্তা আৰু সমাৱেশ নিয়ন্ত্ৰণৰ বাবে অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। অগ্নিবীৰ সেনাত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলৰ যোগ্যতা, মানসিক স্থিতি আৰু শাৰীৰিক শক্তি পৰীক্ষা কৰিবলৈ কৌশল প্ৰস্তুত কৰা হৈছে। উত্তীৰ্ণ প্ৰাৰ্থীসকলক অগ্নিবীৰ জেনেৰেল ডিউটি, ট্রেডছমেন আৰু কাৰিকৰী বিভিন্ন পদৰ অধীনত ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰা হ’ব ।
Site Admin | July 23, 2024 10:19 AM | Agnveer
শোণিতপুৰৰ মিছামাৰী সামৰিক ঘাটিত অগ্নিবীৰ নিযুক্তি সমাৱেশৰ আয়োজন
