সাম্প্ৰতিক বানত ৰাজ্যৰ ২৬খন জিলাৰ প্ৰায় ১৪ লাখ লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি এতিয়াও ৮৩টা ৰাজহ চক্ৰৰ দুহেজাৰ ৫৪৫ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ৩৯ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া বানত ৮৪ জন লোকে প্রাণ হেৰুৱাইছে। কেন্দ্ৰীয় জল আয়োগে জনোৱা মতে যোৰহাটৰ নিমাটিঘাট, শোণিতপুৰৰ তেজপুৰ আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ, ডিব্ৰুগড়ৰ চেনীমাতি বুঢ়ীদিহিং, শিৱসাগৰৰ নঙলামুৰা ঘাটত দিচাং, কৰিমগঞ্জত কুছিয়াৰা আৰু তিনিচুকীয়া মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্য চৰকাৰে ২৯৯টা আশ্রয় শিবিৰত ৪১ হাজাৰতকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱক সকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰনে প্ৰকাশ কৰা মতে, নগাঁও জিলাৰ বান পৰিস্থিত জটিল হৈ আছে। জিলাখনত ২০ হাজাৰ ৬১২টি শিশুসহ প্রায় ৭৯ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে। বাঢ়নী পানীয়ে নগাঁও জিলাৰ ৬টা ৰাজহ চক্ৰৰ অধীনৰ ১৮৪ খন গাঁও আৰু ১৮ হাজাৰ ২৩১ দশমিক ৮ হেক্টৰ কৃষিভূমি বুৰাই পেলাইছে।
এইবেলি বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০টা গঁড় সহ ১৭৪টা জীৱ-জন্তুৰ প্ৰাণ হানি হৈছে। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সামগ্রিক বান পৰিস্থিত ক্ৰমাৎ উন্নত হৈছে যদিও ৪৬টা বন শিৱিৰ আৰু উদ্যানখনৰ ভালেমান অংশ বানত বুৰ গৈ আছে। ধুবুৰী জিলাৰ বান পৰিস্থিতিয়ে পুনৰ জটিল ৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ আৰু গৌৰাং নৈৰ বাঢ়নি পানীয়ে শেহতীয়াকৈ বহু অঞ্চল প্লাবিত কৰিছে। বিলাসীপাৰাৰ হাটিপোটা গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো বিদ্যালয় বানৰ কবলত আছে। তদুপৰি চৰ অঞ্চলত পথ যোগাযোগ ব্যাহত হৈছে। জিলাখনৰ প্ৰায় সকলো নৈৰ জলস্তৰ বৃদ্ধি পাবলৈ ধৰাত চৰ অঞ্চলত বানে বিস্তৰ ক্ষতি কৰিছে। ইফালে, কৰিমগঞ্জ জিলাত আজি বানাক্ৰান্ত লোকে আশ্ৰয় লৈ থকা শিবিৰটো ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব। আনহাতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ কমিছে যদিও বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ বাবে যোৰহাট নিমাটিঘাটৰ বুল হেড নম্বৰ ৱানত জলসম্পদ বিভাগৰ কৰ্মচাৰীসকলে নৈশ পহৰাৰ ব্যৱস্থা কৰিছে।
Site Admin | July 12, 2024 1:05 PM | Assam Flood | assam flood 2024 | Kaziranga Flood