শেহতীয়া বানত ৰাজ্যৰ প্ৰায় ৪৭ হাজাৰ লোকৰ ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰীত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত বুৰ যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই কমেও ১০০টা বন্য জন্তুক উদ্ধাৰ কৰিছে। আনহাতে বানত উদ্যানখনৰ প্রায় ৯০টা জন্তুৰ মৃত্যু হৈছে। বানৰ সময়ত কাৰ্বি পাহাৰলৈ যোৱা বন্য জন্তু উদ্যান কৰ্তৃপক্ষই ড্রোনৰ সহায়ত নিৰীক্ষণ কৰি উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেযোগে ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ বাবে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। এন ডি আৰ এফ আৰু এছ ডি আৰ এফে যুদ্ধকালীন তৎপৰতাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ আৰু তেওঁলোকক সাহায্য প্ৰদানৰ বাবে কাম কৰি থকাৰ কথাও শ্ৰীশ্বাহে উল্লেখ কৰে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে আজি ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ত পাৰিষদসকলৰ লগত এখন বৈঠকত মিলিত হৈ জিলাখনৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত মতামত গ্রহণ কৰে। এই ক্ষেত্ৰত সমস্যাসমূহৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰাব বুলি জানিবলৈ দিয়ে। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি জিলাখনৰ আয়ুক্ত, মেয়ৰ আৰু প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। শিক্ষা জনজাতি পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ডা০ ৰণোজ পেগুৱে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ আৰম্ভণিতে জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এতিয়ালৈকে হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভত বিস্তৃত প্রতিবেদন দাঙি ধৰে। মন্ত্ৰী ডা০ পেগুৱে সম্পূর্ণ উদাৰ, মানৱীয় দৃষ্টিভংগীৰে তথা দায়বদ্ধতাৰে বানত ক্ষতিগ্রস্ত লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপন দিয়াৰ বাবে কাম কৰিবলৈ বিষয়াসকলক আহ্বান জনায়।
জল সম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অধীনত চনকা অঞ্চল পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ লগত জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই অঞ্চলটো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে আশ্রয় শিবিৰসমূহত খাদ্য-সামগ্ৰী বিতৰণ কৰে। মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকসকলৰ চিকিৎসা, খোৱাপানী, খাদ্য-সামগ্রী, পশু খাদ্য আদিৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে, বানত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ই অতি সোনকালে ক্ষতিপূৰণ লাভ কৰিব। বৰপেটা জিলাৰ বান পৰিস্থিতি পূৰ্বৰ তুলনাত সামান্য উন্নত হৈছে বুলি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জানিবলৈ দিছে। জিলাখনত বান ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য-সামগ্রী বিতৰণ, মানুহৰ লগতে পোহনীয়া জন্তুক চিকিৎসা প্রদান আদি ত্বৰান্বিত কৰা হৈছে।
কৰিমগঞ্জ জিলাৰ প্ৰায় ৪৯ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বৰ্তমান ৪০টা সাহায্য শিবিৰ স্থাপন কৰি প্ৰায় ২ হাজাৰ ৫০০ লোকক আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান পৰৱৰ্তী জাননী প্ৰকাশ নকৰা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। শোণিতপুৰ জিলাতো বানৰ ফলত প্ৰায় ২ হাজাৰ বিঘাৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনে নৈপৰীয়া অঞ্চলৰ লোকসকলক সাৱধানে থাকিবলৈ নিৰ্দেশ দিছে। বছলা সমষ্টিৰ ঝাৰনিচাপৰি, কোঁচগাঁও, ভুটুৱা আৰু তেজপুৰ সমষ্টিৰ তলকলিবাৰী, গেৰেকি, দ-বেছেৰীয়া, আমিৰা চাপৰি আদি গাঁৱৰ প্ৰায় ২০০ৰো অধিক ঘৰ বানৰ কবলত পৰিছে। আজি জিলাখনৰ নদীসমূহৰ গতিবিধি সন্দৰ্ভত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই বুজ লৈ বালিপৰাৰ জৰাসৰ নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। এই বাৰিষাৰ পাছতেই তেজপুৰ, বিহগুৰি, ঝাৰনিচাপৰি পৰ্যন্ত ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থায়ী শিল বান্ধ আৰু ৰাস্তা নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক