শেহতীয়া বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল

অসমৰ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্রীয় শক্তি মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, গ্রামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বুজ লয়। বৈঠকত জিলা আয়ুক্ত ড০ কাবেৰী বি শৰ্মাই জিলাখনৰ জনগাঁথনি, ভৌগোলিক পৰিসীমা আদিৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে জিলা প্ৰশাসনৰ অধীনৰ বিভাগসমূহে কৰি থকা কাম-কাজৰ বিষয়ে দলটোক অৱগত কৰে।
ইপিনে আন এটা প্রতিনিধি দলে আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ নগাঁও সদৰ ৰাজহ চক্ৰ আৰু কামপুৰ ৰাজহ চক্ৰৰ অন্তর্গত কেইবাটাও বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। তদুপৰি গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব, জনশক্তি মন্ত্ৰ্যালয়ৰ অধীক্ষক-অভিযন্তা, মৰাপাট উন্নয়ন সঞ্চালকালয়, কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সঞ্চালক তথা ব্যয় বিভাগ, বিত্ত মন্ত্ৰ্যালয়ৰ অৱৰ সচিবেৰে গঠিত দলটোৱে জিলা আয়ুক্তৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগীয় মুৰববী বিষয়াসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। ইয়াৰ লগতে দলটোৱে নগাঁও পলিটেকনিকত স্থাপন বান সাহায্য শিবিৰ,কেঁকুৰিবাৰীৰ খহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল আৰু কলাইখোৱাৰ পলশাতো ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ উপৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখ্য যে প্ৰতিনিধি দলকেইটাই অসমৰ পৰা উভতি গৈ কেন্দ্ৰীয় চৰকাৰক বিস্তৃত প্রতিবেদন দাখিল কৰিব।

অধিক পঢ়ক

সকলো চাওক