ডাউনলোড
মোবাইল এপ

android apple
signal

শীতকালীন অধিবেশনত লোকসভাত প্ৰায় ৫৪ শতাংশ, ৰাজ্যসভাত প্ৰায় ৪০ শতাংশ কাম- কাজ সম্পন্ন

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ শীতকালীন অধিবেশনৰ কাম-কাজ আশানুৰূপ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে। আজি সংসদৰ অধিবেশন অনির্দিষ্ট কাললৈ স্থগিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰিজিজুৱে কয়, যে এইবাৰ লোকসভাত মুঠ ২০টা কর্মদিন আৰু ৰাজ্যসভাত ১৯টা কর্মদিন আছিল যদিও লোকসভাত প্ৰায় ৫৪ শতাংশ আৰু ৰাজ্যসভাত প্ৰায় ৪০ শতাংশ কাম- কাজহে সম্পন্ন হয়। মন্ত্ৰীগৰাকীয়ে কয়, এইবাৰৰ অধিবেশনত লোকসভাত চাৰিখন আৰু ৰাজ্যসভাত তিনিখন বিধেয়ক গৃহীত হয়। ২০২৪ৰ ভাৰতীয় বায়ু যান বিধেয়কখনত এইবাৰৰ অধিবেশনতে দুয়োখন সদনে অনুমোদন জনায়। সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভাত বিশেষ আলোচনা আছিল এইবাৰৰ অধিবেশনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী।

অধিক পঢ়ক

সকলো চাওক