শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’বঃ ৰণোজ পেগু

ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে শীঘ্ৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বিভাগ প্ৰদানৰ ব্যৱস্থা আঁতৰ কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে। অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু আজিম প্রেমজি বিশ্ববিদ্যালয়ৰ সহযোগত কালি গুৱাহাটীত অনুষ্ঠতি প্রশ্নকাকত প্রস্তুত সম্পৰ্কীয় এখন কর্মশালাত উপস্থিতি থাকি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে, ইতিমধ্যে স্থান লাভৰ ব্যৱস্থা আঁতৰোৱাৰ পিছত অহা এক-দুই বছৰৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা ডিভিজন বা বিভাগৰ ব্যৱস্থাও আঁতৰোৱা হ’ব। তেওঁ কয় যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেৱল উত্তীৰ্ণ আৰু অনুত্তীৰ্ণৰ হে ব্যৱস্থা থাকিব। ইয়াৰ উপৰি শিক্ষাৰ্থীসকলে লাভ কৰা নম্বৰো ৰাজহুৱা কৰা নহ’ব। ফলাফল ঘোষণাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণপত্ৰ আদি ডিজি লকাৰত উপলব্ধ হ’ব বুলি তেওঁ লগতে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ ১৭খন জিলাৰ ১৪৬ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰা কৰ্মশালাখনে মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ শিক্ষাৰ্থীসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সম্পূর্ণ দক্ষ কৰি তোলাত সহায় কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। কৰ্মশালাত উপস্থিত থাকি ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে কয় যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ নতুন ধৰণ কেনেধৰণৰ হ’ব সেয়া সকলো বিষয় সামৰি ৱেবছাইটত উপলব্ধ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক