জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি শিৱসাগৰত টাই-আহোম যুৱ পৰিষদে আয়োজন কৰা পঞ্চদশ বাৰ্ষিক ৰংপুৰ মেলা শীতকালীন উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰংপুৰ মেলাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি আয়োজকসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীবৰুৱাই ৰাজ্য চৰকাৰে জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। শিৱদৌল, জয়দৌল, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ আদিকে ধৰি আহোম সাম্ৰাজ্যৰ ঐতিহাসিক সমলেৰে ভৰি থকা শিৱসাগৰ জিলাৰ পৰ্যটনৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰভূত উন্নয়ন কৰিব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
শ্ৰীবৰুৱাই ইয়াৰ পূৰ্বে শিৱসাগৰ জিলা বিজেপিৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰি দলৰ কাৰ্যকৰ্তা আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে বিধায়ক সুশান্ত বৰগোহাঁই, জিলা সভাপতি বিতুপন ৰায়দঙিয়াকে ধৰি অন্যান্য নেতা-কৰ্মীসকলে অংশগ্ৰহণ কৰে।
Site Admin | January 15, 2025 7:42 PM | Jayanta Malla Baruah | Sivasagar