ডাউনলোড
মোবাইল এপ

android apple
signal

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিৰ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণ সমিতিয়ে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্প ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। বিধানসভাৰ বিৰোধীৰ দলপতি দেৱব্ৰত শ‍ইকীয়াৰ অধ্যক্ষতাৰ এই নিৰীক্ষণ সমিতিয়ে আজি ডিমৌত নির্মীয়মান ৰাইছাই গ্ৰাম্য ষ্টেডিয়াম, লোকনিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান ষ্টেডিয়াম সংযোগী পথৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। সমিতিৰ সদস্যসকলে ৰুদ্ৰসাগৰত চলি থকা ষ্টেডিয়ামৰ নিৰ্মাণকাৰ্যও পৰিদৰ্শন কৰে। ৭ গৰাকী সদস্য বিশিষ্ট এই সমিতিয়ে আজি জিলা দুখনৰ নির্মাণকার্য চলি থকা স্থানসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ পাছত সদস্যসকলে কোঁৱৰপুৰৰ বলীয়াঘাটৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে। ৰুদ্ৰসাগৰ ষ্টেডিয়াম নিৰ্মাণৰ অনিয়মৰ অভিযোগ সন্দৰ্ভত দলটোৱে শীঘ্ৰেই অনুসন্ধান চলাব আৰু নিৰ্মাণকাৰ্যত গাফলতি প্রমাণিত হ’লে বিভাগীয় বিষয়াক জবাবদিহি কৰা হ’ব বুলিও সদস্যসকলে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক