শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত ১০-দিনীয়াকৈ আয়োজিত গ্ৰন্থ উৎসৱৰ আজিৰ কাৰ্যসূচীত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কবিতাত অসম প্ৰকৃতি আৰু ঐতিহ্যদ্যুতি শীৰ্ষক বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি দিনৰ ১১ বজাত আয়োজিত এই অনুষ্ঠানত আমগুৰিৰ আউনীআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ইন্দ্ৰকমল ফুকনে বক্তৃতা আগবঢ়াব। গ্রন্থমেলা উপলক্ষে আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে সন্ধিয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কালিৰ অনুষ্ঠানত অন্যান্য কাৰ্যসূচীৰ লগতে জীৱনৰ লক্ষ্য আৰু অৰ্থ বিষয়ক লৈ শিক্ষাৰ্থীৰ সৈতে বার্তালাপ অনুষ্ঠিত হয়। আকাশবাণীৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীয়ে জনোৱা মতে যোৱা ১৫ অক্টোবৰত আৰম্ভ হোৱা এই গ্ৰন্থ উৎসৱলৈ ক্রেতা তথা পঢ়ুৱৈৰ উৎসাহজনক সঁহাৰি পৰিলক্ষিত হৈছে। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি ৰখাৰ ব্যৱস্থা কৰা এই গ্ৰন্থ উৎসৱত ৭০টাৰো অধিক প্ৰকাশন গোষ্ঠী আৰু গ্ৰন্থ বিক্রেতা প্রতিষ্ঠানে অংশগ্ৰহণ কৰিছে।
Site Admin | October 17, 2024 11:34 AM | Sivasagar Book Festival