শিৱসাগৰ ক্ৰীড়া সন্থাৰ সৌজন্যত আজিৰে পৰা শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত হৈছে। জিলা পৰ্যায়ৰ পৰা নিৰ্বাচিত শিৱসাগৰৰ ৰাজমাই ক’চিং, মাজুলীৰ ৰিভাৰাইন ক্লাব, চৰাইদেউৰ মাহমৰা নৱজ্যোতি ক্লাব, ডিব্ৰুগড়ৰ ১৯ এপিবিএন, যোৰহাটৰ ভিক্ট’ৰিয়াছ ক্লাব আৰু তিনিচুকীয়াৰ বাৰেকুৰি ক্লাবে এই মণ্ডল পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছে। মৰিগাঁও জিলা ক্রীড়া সন্থাৰ উদ্যোগত ক্ষিৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত মধ্য অসম মণ্ডলৰ উদ্বোধনী খেলত আজি নগাঁও ত্রিনয়ন গোষ্ঠীয়ে দেৰগাঁও উপ-ক্রীড়া সন্থাক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। আনহাতে বিয়লি অনুষ্ঠিত দ্বিতীয়খন খেলত মৰিগাঁও নৱজ্যোতি ক্লাবে হোজাইৰ হাৱাইপুৰ ৰনচিনা ক্লাবক ৭-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি সুন্দৰ খেল প্ৰদৰ্শন কৰে।
Site Admin | February 17, 2025 8:15 PM | Akashvani | Akashvani Guwahati | Bordoloi Trophy
শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত ৭০ সংখ্যক বৰদলৈ ট্ৰফীৰ উজনি অসম মণ্ডলৰ খেলসমূহ অনুষ্ঠিত
