ডাউনলোড
মোবাইল এপ

android apple
signal

February 23, 2025 12:04 PM | Shibaratri at Shivdeul

printer

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰা সংস্থাপনৰ ব্যৱস্থা কৰিছে। ২৫ ফেব্ৰুৱাৰীৰ বিয়লি উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, বিধায়ক অখিল গগৈ, সাংসদ গৌৰৱ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। ২৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে ভাওনা প্ৰদৰ্শন কৰা হ’ব। ২৭ ফেব্ৰুৱাৰীত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ দ্বাৰা প্ৰকাশিত স্মাৰক গ্রন্থ মুক্তিনাথ উন্মোচন কৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। ২৮ ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থকাৰ কথা ৷

অধিক পঢ়ক

সকলো চাওক