ডাউনলোড
মোবাইল এপ

android apple
signal

October 16, 2024 7:39 PM | Laksminath Bezbaruah

printer

শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে আজি লক্ষ্মী পূৰ্ণিমাৰ দিনটোত শিৱসাগৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মদিন উদযাপন কৰা হয়। এই উপলক্ষে শিৱসাগৰৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানত অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰীগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজলন কৰি বেজবৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হয়। অসমীয়া সাহিত্যৰ সকলো ক্ষেত্ৰকে চহকী কৰি যোৱা সাহিত্যৰথীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বেজবৰুৱা পৰিয়ালৰ হৈ অৰুন্ধতি বেজবৰুৱাই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা ছাত্ৰ সন্থাই ২০২৪ বৰ্ষৰ লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কবি সাহিত্যিক কুল শ‍ইকীয়াক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে। এই অনুষ্ঠানৰ জৰিয়তে ছাত্ৰ সংগঠনটোৱে ৰাজ্য চৰকাৰক সাহিত্যৰথিৰ কৰ্ম আৰু তেওঁৰ স্মৃতি বিজড়িত প্ৰতিটো সম্পদ সঠিকভাৱে সংৰক্ষণ কৰি নৱ প্ৰজন্মক তেওঁৰ লগত সংলগ্ন ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়াৰ গুৰু দায়িত্ব গ্ৰহণ কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক