চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশে কালি এটি কন্যা শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত চলোৱা গোচৰত অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে। অভিযুক্ত জিলাখনৰ বাসুগাঁও চহৰৰ ব্যৱসায়ী বাবুল দাসক কালি আদালতে কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে। উল্লেখযোগ্য যে চলিত বছৰৰ ২ মাৰ্চত বাসুগাঁও থানাত এই গোচৰ পঞ্জীয়ন হৈছিল।
Site Admin | December 11, 2024 1:20 PM | Court | POCSO
শিশুৰ যৌন নিৰ্যাতনৰ ঘটনাত POCSO আইনৰ অধীনত অভিযুক্তক চিৰাঙৰ জিলা আৰু ছেচন ন্যায়াধীশৰ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়
