August 25, 2024 11:03 AM | Silchar AMC

printer

শিলচৰ চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কামকাজৰ মুখ্যমন্ত্ৰীৰ তদাৰক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই শিলচৰ চিকিৎসা মহাবিদ্যালয়খনত নিৰ্মাণ হৈ থকা ৫৩৫ খন বিচনাযুক্ত জৰুৰীকালীন সেৱা ভৱনটো অহা বছৰৰ ভিতৰত সম্পূর্ণ হব বুলি আশা প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি মহাবিদ্যালয়খনৰ ভৱনটোৰ নিৰ্মাণৰ কামকাজৰ তদাৰক কৰি এই কথা প্ৰকাশ কৰে। তেওঁ এই ভৱনটোৰ নিৰ্মাণ সম্পূর্ণ হলে মহাবিদ্যালয়খনৰ বিচনাৰ সংখ্যা বৰ্তমানৰ ১৩৫০ খনৰ পৰা ১৮৮৫ খনলৈ বৃদ্ধি পাব বুলি অৱগত কৰে। এই নতুন ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতে পুনৰ এহেজাৰখন বিচনাযুক্ত এখন চিকিৎসালয় নির্মাণ কৰা হ’ব। এই ক্ষেত্ৰত মহাবিদ্যালয়খনৰ আন্তঃগাঠনি উন্নয়নৰ বাবে এটা মাষ্টাৰ প্লেন গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদৰোগীসকলৰ বাবে ২০ খন বিচনাযুক্ত এটা নতুন আই চি ইউ প্রকল্প মুকলি কৰে। ইফালে, হাইলাকান্দি জিলাত এখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰচেষ্টা অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শিলচৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলসমূহত সমাগত দুর্গা পূজাৰ আগত যাতায়ত সেৱা উন্নত কৰিবৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ হাতত লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক