ডাউনলোড
মোবাইল এপ

android apple
signal

শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন শিক্ষক সন্থাৰে  ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক

সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স কক্ষত কাইলৈ শিক্ষা সেতু এপ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। শিক্ষা সেতু এপৰ ওজৰ আপত্তি সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থা, সদৌ অসম মজলীয়া বিদ্যালয় শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি ৮টা শিক্ষক সংগঠনৰ প্ৰতিনিধিক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষা সেতু এপ সন্দৰ্ভত বিভিন্ন পক্ষৰ পৰা লাভ কৰা অভিযোগৰ পৰিপ্ৰেক্ষিতত এখন তিনিজনীয়া সমিতি গঠন কৰি দিছে। শিক্ষা সেতু এপৰ ছফটৱেৰ, হাৰ্ডৱেৰ আৰু ইণ্টাৰনেট সংযোগ আদি বিষয়ত অভিযোগ বা পৰামৰ্শ গ্ৰহণ কৰা, সংশ্লিষ্ট পক্ষসমূহৰ শুনানি অনুষ্ঠিত কৰা, এপৰ কাৰ্যক্ষমতা পৰীক্ষা কৰা তথা প্ৰয়োজন অনুসৰি এপৰ উন্নীতকৰণৰ পৰামৰ্শ দিয়াৰ বাবে এই সমিতি গঠন কৰা হৈছিল। শিক্ষা সেতু এপ ব্যৱহাৰকাৰীসকল অর্থাৎ শিক্ষক সংগঠন, শিক্ষক কৰ্মচাৰী আৰু সমগ্ৰ শিক্ষা অসমৰ sikshasetu.assam.gov.in যোগে অহা ৭ আগষ্টলৈ তেওঁলোকৰ অভিযোগ- পৰামৰ্শ দাখিল কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক