ডাউনলোড
মোবাইল এপ

android apple
signal

February 22, 2025 12:32 PM | Assam Governor

printer

শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ওপৰত ৰাজ্যপালৰ গুৰুত্ব আৰোপ

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই ৰাজ্যখনক উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজভৱনত অনুষ্ঠিত এখন বৈঠকত কালি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ সৈতে হোৱা আলোচনাত ৰাজ্যপালগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয়, যে সমাজখনক উৎকৰ্ষতাৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। শ্রীআচাৰ্য্যই উচ্চ শিক্ষা বিভাগৰ কাৰ্যকলাপ আৰু ভৱিষ্যতৰ কাৰ্যপন্থাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাত উচ্চ শিক্ষাৰ উন্নয়নে মানৱ সম্পদ সৃষ্টিত অনুঘটকৰ কাম কৰিব। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ক ভাৰত চৰকাৰৰ এটা যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয়, যে এই শিক্ষানীতিয়ে দেশৰ শৈক্ষিক পৰিবেশত বৈপ্লৱিক পৰিৱৰ্তন আনিব। তেওঁ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগক এই নীতি আখৰে আখৰে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায় ৷ বৈঠকত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে শ্ৰী আচাৰ্য্যক ৰাজ্যৰ উচ্চ শিক্ষা বিভাগৰ বৰ্তমানৰ প্ৰকল্প, নীতি আৰু ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত অৱগত কৰে। কালিৰ বৈঠকত ৰাজভৱনৰ উপদেষ্টা ড° হৰবংশ দীক্ষিত, উচ্চ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক দেৱব্ৰত দাস, আয়ুক্ত আৰু ৰাজ্যপালৰ সচিব এছ. এছ. মিনাক্ষী সুন্দম, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰৰ উপৰি শিক্ষা বিভাগৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক