শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছেঃ শিক্ষামন্ত্ৰী

শিক্ষাৰ্থীসকলৰ সৰ্বাঙ্গীণ বিকাশ আৰু প্ৰগতিত আৰোহণ আঁচনিয়ে ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে বুলি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। প্ৰতিযোগিতাৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰিব পৰাকৈ শিক্ষাৰ্থীসকলে আৰম্ভণিৰে পৰা মন স্থিৰ কৰিব লাগিব বুলিও তেওঁ কয়। উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ৪৩২৪ গৰাকী শিক্ষাৰ্থী আৰু ৪৮১৪ গৰাকী মেণ্টৰে আৰোহণ পোৰ্টেলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰিছে। Image

একেদৰে ২০২৪-২৫ বৰ্ষত ৪২৮০ গৰাকী শিক্ষাৰ্থী আৰু ১৯৩৪ গৰাকী মেণ্টৰে আৰোহণ পোৰ্টেলৰ জৰিয়তে নাম অন্তৰ্ভুক্ত কৰে। এই পোৰ্টেলৰ জৰিয়তে অন্তৰ্ভুক্ত শিক্ষাৰ্থীসকলক তেওঁলোকৰ মেণ্টৰসকলে তেওঁলোকৰ ঘৰত বা ভার্চুৱেল মোডৰ জৰিয়তে শিক্ষাৰ্থীসকলক আগুৱাই নিয়াৰ বাবে দিহা পৰামৰ্শ প্ৰদান কৰি আহিছে৷ ইয়াৰ উপৰি এই আঁচনিৰ অন্তৰ্ভূক্ত শিক্ষাৰ্থীসকলক পাঠ্যপুথিৰ বাবাদ এক হাজাৰ টকাকৈ একাউণ্ট যোগে প্ৰদান কৰি অহা হৈছে।

অধিক পঢ়ক

সকলো চাওক