ডাউনলোড
মোবাইল এপ

android apple
signal

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৰ কোকৰাঝাৰত চিৰাং জিলাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষকসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষামন্ত্রী ডা০ ৰণোজ পেগুৱে কালি কোকৰাঝাৰত উপস্থিত হৈ চিৰাং জিলাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু হাইস্কুলৰ প্ৰধান শিক্ষকসকলৰ সৈতে বিটিচি বিধান পৰিষদৰ ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত জিলাখনৰ ড্ৰ’প আউট ছাত্ৰ-ছাত্ৰীৰ হাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ড্রপআউটৰ সংখ্যা কমোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ডেৰ মাহৰ ভিতৰতে বিটিআৰত হাইস্কুল পৰ্যায়ত ১,৪৬৭ গৰাকী শিক্ষকক নিযুক্তি দিয়া হ’ব শিক্ষামন্ত্রী ডা০ পেগুৱে কালি সদৰি কৰে। আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে কালি কোকৰাঝাৰ বালিকা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাত অংশগ্রহণ কবি ৰাজ্যৰ মহাবিদ্যালয় সমূহৰ স্নাতক পাঠ্যক্ৰমত দক্ষতা বিকাশৰ শিক্ষা অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে বুলি ভাষণ প্ৰদান কৰে। তেওঁ আৰু লগতে চলিত শিক্ষা বৰ্ষৰ পৰা ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সকলো ধৰণৰ দক্ষতা বিকাশৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ বিষয়ে উল্লেখ কৰাৰ লগতে নিজব দক্ষতা বিকাশ কৰি জীৱন কৌশল আয়ত্ব কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ অধীনত পুঁজি আৱণ্টন দিয়া হ’ব বুলি উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক