October 12, 2024 12:13 PM | Durga Puja

printer

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে উখল মাখল পৰিবেশ

শাৰদীয় দুর্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কৰিমগঞ্জ জিলাৰ পূজা মণ্ডপো সর্বমংগলময়ী, সিদ্ধিদাত্রী মহিষ মর্দিনী দেৱী দুৰ্গাৰ বন্দনা আৰু পুৰোহিতৰ মন্ত্রোচাৰণ, ঢাক, ঢোল, শংখ, ঘণ্টা, ডবা, কাহৰ শব্দৰ মুখৰ হৈ পৰিছে । ইপিনে বাক্সা জিলাৰ ছিকাদৌল বাথৌ মন্দিৰ প্ৰাংগণত সম্পূৰ্ণ বড়ো ৰীতি-নীতিৰে দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গামাৰ প্ৰতিমাক বড়ো মহিলাসকলে পৰিধান কৰা পৰম্পৰাগত সাজ দখনা পিন্ধাই প্রতিমা নির্মাণ কৰা হৈছে। এই সম্পৰ্কে জিলাখনৰ সংবাদদাতা দামোদৰ তালুকদাৰে এইদৰে কয় -বাইট- ইফালে, হাইলাকান্দি জিলাতো চাৰে তিনিশ খন দুর্গা পুজাৰ আয়োজন কৰা হয়। ইয়াৰে হাইলাকান্দি চহৰতে ৪৯ খন দুর্গা পূজা অনুষ্ঠিত হৈছে। ডেৰশ বছৰীয়া শিৱবাৰী দুৰ্গা পূজা, মা অন্নপূর্ণা দুর্গা পূজা আদিসমূহে ভক্তিপ্ৰাণ ৰাইজ আৰু দৰ্শকক আকৰ্ষণ কৰিছে। কাইলৈ জিলাখনৰ দেৱী প্ৰতিমাসমূহ ধলেশ্বৰী নদীত বিসর্জন দিয়া হ’ব। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্ততো ব্যাপক উৎসাহ-উদ্দীপনাৰে আদ্যশক্তি দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত হয়। জিলাখনৰ বহু পুৰণি দুর্গাপূজাসমূহ বিশেষকৈ হৰিসভা দুর্গাপূজা, গৌৰীপুৰৰ ৰজাদিনীয়া দুৰ্গা পূজাস্থলী আৰু বিলাসীপাৰাৰ মা মহামায়া দুর্গাপূজা আদি নীতি-নিয়ম তথা আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হয়।

অধিক পঢ়ক

সকলো চাওক