শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনা

শাৰদীয় দুর্গা পূজা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ যথাবিহিত ৰীতি-নীতিৰে আৰম্ভ হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহ ভিন ভিন বিষয় লৈ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। ইপিনে, ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে।
ৰাজ্যপাল লক্ষণ প্রসাদ আচাৰ্যই শাৰদীয় দুর্গা পূজা উপলক্ষে অসমৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত ৰাজ্যপালগৰাকীয়ে কয় যে দুৰ্গা পূজা উদযাপনে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় সাব্যস্ত কৰাৰ কথাকে প্রতীয়মান কৰে। ৰাজ্যপালগৰাকীয়ে পৰিৱেশৰ হানি নকৰাকৈ সকলো লোককে পূজাৰ আনন্দ উপভোগ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দুর্গোৎসৱ উপলক্ষে দিয়া বাৰ্তাত কয় যে বৈদিক যুগৰে পৰা প্ৰচলিত দুৰ্গা পূজাই মূল্যবোধ তথা মানৱতাবোধৰ আঁধাৰত আগুৱাই যাবলৈ সকলোকে অনুপ্ৰাণিত কৰে। অপশক্তি নাশৰ দ্বাৰা শক্তিৰূপা দুৰ্গতিনাশিনী দেৱীয়ে শুভ শক্তিক প্রতিষ্ঠা কৰাটোৱে প্ৰতীকিভাৱে অসত্যৰ বিপৰীতে সত্যৰ জয় সুনিশ্চিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ড° শৰ্মাই আজি কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ পূজাৰ কাৰ্যসূচীত অংশ নয়। তেওঁ আজাৰা, কাঁহিকুছি আৰু পাটগাঁৱৰ দুৰ্গাপূজাথলীত উপস্থিত হয়।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি তিনিচুকীয়া জিলাৰ চলিহা বৰদলৈ নগৰত দুৰ্গা পূজা থলীত উপস্থিত হোৱাৰ লগতে জিলাখনৰ দাহাল বাবা মন্দিৰ দৰ্শন কৰি সেৱা আগবঢ়ায়। তেওঁ জিলাখনৰ মানৱ কল্যাণ পূজা ভৱনত ৰাইজৰ সৈতে মত-বিনিময় কৰে।
ইপিনে, গুৱাহাটী মহানগৰীৰ চাৰি শতাধিক পূজাথলীত শাৰদীয় পূজা উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। আজি ষষ্ঠী পূজাৰ দিনাই পূজাথলীসমূহত বহুলোকৰ সমাগম হৈছে। ইপিনে, ৰাজ্যৰ অন্যান্য জিলাসমূহতো দুর্গা পূজা উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে। বজালী জিলাৰ বিভিন্ন অঞ্চলৰ লগতে গড় বজাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ কাৰ্যসূচীৰ অংশ হিচাপে দিহানাম প্রতিযোগিতা নৃত্যানুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ চাপাগুৰি আৰু ককলাবাৰী মৌজাক সামৰি স্থাপিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকুঁজিদেওৰ দেৱালয়ত আজিৰেপৰা শাৰদীয় পূজা অনুষ্ঠিত হৈছে। আজি পুৱা স্বচ্ছতা অভিযান, মুখ্য দ্বাৰ উদ্ঘাটন, পতাকা উত্তোলন আৰু গছপুলি ৰোপণ কৰা হয়। সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক