শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা প্ৰকাশ

শাৰদীয় দুর্গা পূজাৰ সময়ছোৱাত ৰাজ্যখনত ৮৪৩টা পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জৰুৰীকালীন সেৱা প্ৰদানকাৰী মৃত্যুঞ্জয় ১০৮ সেৱাই সদৰি কৰিছে। প্ৰতিষ্ঠানটোৱে আজি প্ৰকাশ কৰা অনুসৰি যোৱা ১১ অক্টোবৰত সৰ্বাধিক ১৫১টা আৰু ১২ অক্টোবৰত ১৮৭টা দুৰ্ঘটনা সংঘটিত হয়। ইয়াৰ ভিতৰত শোণিতপুৰ জিলাত সৰ্বাধিক ৬৬টা দুৰ্ঘটনা সংঘটিত হয়। কামৰূপ জিলাতো এই সময়ছোৱাত ৬০টা দুৰ্ঘটনা সংঘটিত হয়। ইপিনে পূজাৰ সময়ছোৱাত যোৱা ১২ৰ পৰা ১৪ অক্টোবৰলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কেজুৱেলিটিত ১২০টা পথ দুর্ঘটনা পঞ্জীভুক্ত হয়। আঘাতপ্রাপ্ত ২৪ জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে। পঞ্জীয়ন হোৱা পথ দুৰ্ঘটনাসমূহৰ ভিতৰত এজন লোকক মৃত অৱস্থাত চিকিৎ‍সালয়লৈ অনা হৈছিল। হাস্পতালখনৰ অধীক্ষক ডা০ অভিজিৎ শৰ্মাই প্ৰকাশ কৰা অনুসৰি ১২০টা দুৰ্ঘটনাৰ ভিতৰত ৫৯টা গুৱাহাটী মহানগৰীৰ ভিতৰত আৰু ৬১টা মহানগৰীখনৰ বাহিৰত সংঘটিত হৈছে। দুৰ্ঘটনাত আহতসকলৰ ভিতৰত ১১২ জন পুৰুষ আৰু ৮ গৰাকী মহিলা আছে বুলি অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে নৱজাতকৰ পৰা ১০ বছৰ বয়সৰ ভিতৰৰ ৮টি দুৰ্ঘটনাত আহত হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। অৱশ্যে সজাগতাৰ বাবে যোৱা বছৰতকৈ এইবাৰ দুৰ্ঘটনাৰ সংখ্যা কিছু কম হৈছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক