শাৰদীয় দুর্গা পূজাৰ আজি সপ্তমী উপলক্ষে বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। কালি ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে সপ্তমী পূজা কৰা হৈছে। পূজাথলীসমূহত পুৱাৰেপৰাই বহুলোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্রোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধবনীয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুৰ্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্ৰাৰ্থনাৰে ভক্তসকলে দেৱী দুৰ্গাৰ চৰণত পূজা-অৰ্চনা আগবঢ়ায় ৷ সপ্তমীৰ দিনটোত দেৱী দুৰ্গাৰ কালৰাত্ৰিৰ ৰূপত আৰাধনা কৰা হয় । গুৱাহাটী মহানগৰীৰ চাৰি শতাধিক পূজাথলীত শাৰদীয় পূজা উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে। পূজাথলীসমূহৰ লগতে দোকান-বজাৰসমূহতো অগণন লোকৰ সমাগম পৰিলক্ষিত হৈছে। মহানগৰীৰ ভাস্কৰ নগৰ পূজা সমিতিয়ে জগন্নাথ পুৰী, আঠগাঁও পূজা সমিতিয়ে মহাভাৰতৰ ইন্দ্ৰপ্ৰস্থ, পাণ্ডুৰ ৰেষ্ট কেম্প পূজা সমিতিয়ে জয়পুৰ দুৰ্গ আদিৰ আৰ্হিৰে নিৰ্মাণ কৰা পূজা মণ্ডপে জনসাধাৰণক আকৰ্ষণ কৰিছে। ইপিনে, ৰাজ্যৰ অন্যান্য জিলাসমূহতো দুর্গা পূজা উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে। ৰাজহুৱা পূজাৰ লগতে ব্যক্তিগতভাৱেও ভালেসংখ্যক পূজাৰ আয়োজন কৰা হৈছে। ইতিহাস প্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা চলি আছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ তিনিখনকৈ পূজা মণ্ডপত উপস্থিত থাকি দেৱীৰ আশিস লোৱাৰ লগতে সন্ধিয়ালৈ জিলাখনৰ ইতিহাস প্রসিদ্ধ বিজনী চহৰত নিৰ্মাণ কৰা লক্ষ্মী মন্দিৰ উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি চিৰাঙৰ বাসুগাঁও চহৰৰ পূজাথলীত উপস্থিত হৈ পৰৱৰ্তী সময়ত বঙাইগাঁও চহৰৰ কেইবাখনো পূজা মণ্ডপলৈ যাব। বজালী জিলাৰ বিভিন্ন অঞ্চলৰ লগতে গড় বজাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে পূজাৰ আয়োজন কৰা হৈছে। পূজাৰ কাৰ্যসূচীৰ অংশ হিচাপে দিহানাম প্রতিযোগিতা নৃত্যানুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত কালিৰেপৰা পূজাথলীসমূহত অগণন লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি সন্ধিয়া বৰপেটা ৰোডৰ দুখন পূজা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে বৰপেটা ৰোড ৰে’ল ষ্টেচন আৰু শক্তিনগৰৰ দুৰ্গা পূজাৰ উদ্বোধন কৰি দেৱীৰ চৰণত সেৱা জনাই পূজাৰ অন্তৰ্নিহিত উদ্দেশ্যই সমাজত শান্তি-সম্প্ৰীতি আৰু একতাৰ বান্ধোন সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। চৰাইদেউ জিলাত দুৰ্গা পূজাক কেন্দ্ৰ কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। জিলাখনৰ সোণাৰি নগৰ আৰু দাঁতিকাষৰীয়া অঞ্চলত মুঠ ১০৩ খন পূজা অনুষ্ঠিত হৈছে। বিভিন্ন স্থানত নিৰ্মাণ কৰা দৃষ্টিনন্দন মণ্ডপসমূহে সকলোকে আকৰ্ষিত কৰিছে। বাক্সা জিলাৰ চাপাগুৰি আৰু ককলাবাৰী মৌজাক সামৰি স্থাপিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকুঁজিদেওৰ দেৱালয়ত কালিৰেপৰা শাৰদীয় পূজা অনুষ্ঠিত হৈছে। এই উপলক্ষে স্বচ্ছতা অভিযান, মুখ্য দ্বাৰ উদ্ঘাটন, পতাকা উত্তোলন আৰু গছপুলি ৰোপণ কৰা হৈছে । গোৱালপাৰা জিলাৰ শাৰদীয় পূজাৰ সপ্তমী উপলক্ষে আজি পুৱাৰে পৰাই উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে। এইবেলি জিলাখনত ১৩৬ খন পূজা মণ্ডপত পূজা অনুষ্ঠিত হৈছে। জিলাখনৰ ৰংজুলি পূজা সমিতিয়ে বিজয়া দশমীৰ দিনা পূৰ্বৰ দৰে ৰাৱণ বধৰ কাৰ্যসূচী গ্ৰহণ কৰিব।
Site Admin | October 10, 2024 12:40 PM | Durga Puja Saptami