October 8, 2024 7:00 PM | Durga Puja

printer

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশ

শাৰদীয় দুর্গা পূজাৰ প্ৰাক্ মুহূৰ্তত সমগ্ৰ ৰাজ্যজুৰি উৎসৱৰ আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগে লগে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হ’ব। এইবাৰ দেৱী দুৰ্গাৰ দোলাত আগমন ঘটিছে আৰু ঘোঁৰাত গমন হ’ব বুলি বিশ্বাস কৰা হৈছে। বিগত কিছুদিন ধৰি ৰাজ্যত বৰষুণ হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ পূজাৰ উৎসাহ কিছু স্তিমিত হোৱা দেখা গৈছিল যদিও বতৰ ফৰকাল হোৱাৰ লগে লগে ৰাজ্যবাসীৰ মাজত উৎসাহৰ সঞ্চাৰ হৈছে। ৰাজ্যৰ প্ৰান্তে প্রান্তে পূজা-মণ্ডপসমূহ আটকধুনীয়াকৈ আলোকসজ্জাৰে সজ্জিত কৰা হৈছে। ইপিনে, ইতিহাসপ্রসিদ্ধ দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথমদিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে। আজি দেৱী কাত্যায়নীৰ বন্দনা কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে দিয়া বাৰ্তাত দেৱী কাত্যায়ানীৰ আশীৰ্বাদত জনসাধাৰণৰ শক্তি, সামৰ্থ আৰু সাহস বৃদ্ধিৰ বাবে সেৱা জনায়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাইও আজি দেৱী কাত্যায়নীৰ আৰাধনা কৰাৰ লগতে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে ভৰাই তুলিবলৈ আশীষ বিচাৰে।

ইপিনে, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ উপাসনাৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ হৈছে। চি চি টি ভি কেমেৰা সংস্থাপন, স্বেচ্ছাসেৱক নিয়োগ, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি পূজা সমিতিসমূহলৈ কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে ৪৫০ খনৰো অধিক সমিতিয়ে পূজা অনুষ্ঠিত কৰিবলৈ আৰক্ষী প্ৰশাসনৰ পৰা অনুমতি লৈছে। শক্তিপীঠ কামাখ্যা ধাম, উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালয়, উজান বজাৰৰ উগ্ৰতাৰা দেৱালয়, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়কে ধৰি বিভিন্ন ইতিহাস প্রসিদ্ধ স্থানসমূহত পূজা উপলক্ষে পৱিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। শিৱসাগৰ জিলাতো পূজা মণ্ডপসমূহ আটক ধুনীয়াকৈ সজাই তোলাৰ লগতে শক্তিৰূপা দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে জনসাধাৰণ সাজু হৈছে। মণ্ডপসমূহত স্বনামধন্য শিল্পীসকলৰ ছবি অংকন কৰি সজাই-পৰাই তোলা হৈছে। ইপিনে, গোলাঘাট জিলাতো পূজা উপলক্ষে উলহ-মালহৰ পৰিৱেশে বিৰাজ কৰিছে।

অধিক পঢ়ক

সকলো চাওক