October 11, 2024 11:24 AM | Durga Puja 2024

printer

শাৰদীয় দুর্গা পূজাৰ অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ

শাৰদীয় দুর্গা পূজাৰ আজি অষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। পূজা মণ্ডপসমূহত আজি যথাবিহিত ৰীতি-নীতিৰে অষ্টমী পূজা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটকধুনীয়াকৈ সজোৱা পূজা মণ্ডপসমূহ নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। পূজাৰ মন্ত্ৰোচাৰণ, আয়তীৰ উৰুলি, ঢাক-শংখধ্বনিয়ে মাংগলিক তথা আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে। লোকবিশ্বাস অনুসৰি দেৱী দুৰ্গাক আবাহন আৰু বোধনৰ জৰিয়তে অশুভ শক্তিৰ বিনাশ কৰা হয়। আনহাতে, বিভিন্ন অপায়-অমংগল, দুর্যোগ বিভীষিকা নাশ কৰি শান্তি আৰু সমৃদ্ধিৰ প্ৰাৰ্থনাৰে ভক্তসকলে দেৱী দুৰ্গাৰ চৰণত পূজা-অৰ্চনা আগবঢ়ায়। নলবাৰী জিলাৰ কেইবাখনো পূজা মণ্ডপত উলহ-মালহৰ পৰিবেশে বিৰাজ কৰিছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে গুৱাহাটী মহানগৰীতো পূজাৰ আনন্দ-উছাহ অব্যাহত আছে। মাজে মাজে অহা দুই-এজাক বৰষুণে বিধি-পথালি দিলেও ৰাইজৰ মাজত কোনো গুণে পূজাৰ আনন্দ ম্লান পৰা নাই। পুৱাৰেপৰা নিশা পৰ্যন্ত পূজাথলীসমূহত ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা স্বচ্ছতা প্ৰতিযোগিতাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত অনুষ্ঠিত ৪৫০ খনৰো অধিক পূজা সমিতিয়ে এইবেলি স্বচ্ছতাৰ ওপৰত অধিক গুৰুত্ব দিয়া দেখা গৈছে। কৰিমগঞ্জ জিলাৰ বদৰপুৰ ষ্টেচন ৰোডৰ ৰাজহুৱা পূজা এইবাৰ মহিলাৰ দ্বাৰা আয়োজন কৰা হৈছে। বিভিন্ন সময়ত মহিলাৰ ওপৰত হোৱা হিংসা তথা অত্যাচাৰৰ প্ৰতিবাদত আৰু মহিলাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে পূজা আয়োজন কৰাৰ দায়িত্ব এইবাৰ মহিলাক দিয়া হৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। ধুবুৰীৰ হৰিসভা পূজা মণ্ডপ, গৌৰীপুৰৰ ৰজাঘৰীয়া শোলাপীঠৰ দেৱী দুৰ্গাকে ধৰি বগৰিবাৰীৰ মা-মহামায়া শক্তিপীঠ আদিলৈ আজি পুৱাৰে পৰা ভক্তসকলৰ সমাগম ঘটিছে। দৰং জিলাৰ মুঠ ৫ খন আৰক্ষী থানা এলেকাত আয়োজন কৰা প্ৰায় ২০০ খন ৰাজহুৱা পূজাস্থলিত আধ্যাত্মিকতাৰ সৈতে সৃষ্টিশীল কলা আৰু আধুনিকতাৰ সমাহাৰ ঘটাই ভক্তপ্ৰাণ ৰাইজ আৰু দৰ্শনাৰ্থীক আকৰ্ষণ কৰাৰ প্ৰয়াস কৰা হৈছে। এই পূজা মণ্ডপসমূহৰ উপৰি জিলাখনৰ ঐতিহাসিক পদ্মা থানৰ লগতে মন্দিৰ, দেৱালয়সমূহ দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ স্তুতি তথা মংগল ধ্বনিৰে মুখৰ হৈ পৰিছে। জিলা সদৰ মঙলদৈত থকা কোচ ৰজাৰ তিনিখন হাউলীত ৪০৮ বছৰীয়া ঐতিহ্য আৰু ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখি দুৰ্গা পূজা পালন কৰা হয়। ইয়াৰে গাখীৰখোৱা হাউলীত পৰম্পৰাগত ৰীতি-নীতিৰে দুৰ্গা পূজা পালন কৰা হৈছে। 

অধিক পঢ়ক

সকলো চাওক