October 6, 2024 12:02 PM | Durga Puja

printer

শাৰদীয় দুর্গা পূজালৈ ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত

শাৰদীয় দুর্গা পূজালৈ মাজত মাথো দুদিন থকা অৱস্থাত ৰাজ্যজুৰি ব্যাপক প্রস্তুতি অব্যাহত আছে। অৱশ্যে বিগত ২-৩ দিন ধৰি হৈ থকা বৰষুণৰ ফলত পূজাৰ মণ্ডপসমূহৰ প্ৰস্তুতিত কিছু সমস্যাই দেখা দিছে। প্ৰতিকুল বতৰকো নেওচি ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনসাধাৰণে পূজাৰ বাবে বজাৰ সমাৰকে ধৰি অন্যান্য প্রস্তুতি চলাই আছে। ইপিনে, শাৰদীয় নৱৰাত্ৰিৰ কালি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা অৰ্চনা কৰা হয়। অহা বুধবাৰে ষষ্ঠীৰ বেদীত দেবী প্রতিষ্ঠা কৰা হব। শক্তিপীঠ কামাখ্যা ধামকে ধৰি ৰাজ্যৰ বিভিন্ন প্রাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ পূজা পৰম্পৰাগত ৰীতি নীতিৰে সম্পন্ন কৰা হৈছে। কামাখ্যা ধামত আড়ম্বৰ পৰিহাৰ কৰি সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে এই পূজা সম্পন্ন হয়। যোৱা ২৬ চেপ্তেম্বৰত কামাখ্যা ধামত পূজা আৰম্ভ হৈছে। বিশেষকৈ শক্তিপীঠত আয়োজিত কুমাৰী পূজাই বিশেষ তাৎপৰ্য্য বহন কৰে। নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰা শেষৰ দিনটোলৈকে প্ৰতিদিনে ইয়াত কুমাৰী পুজা কৰা হয়। এই উপলক্ষে মন্দিৰ প্ৰাঙ্গন পোহৰ আৰু ফুলেৰে সজাই পৰাই তোলাৰ লগতে এই সময়ছোৱাত অগণন ভক্তৰ সমাগম হৈছে।

অধিক পঢ়ক

সকলো চাওক