বিভিন্ন বিষয় লৈ শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত আজি সংসদৰ উভয় সদনত তুমুল বাক- বিতণ্ডাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ আৰু লোকসভাৰ কাম-কাজ দিনৰ ১ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। শাসকীয় পক্ষই কংগ্ৰেছৰ একাংশ নেতাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে সম্পৰ্ক থকাৰ বিষয়টো উত্থাপন কৰে। ইফালে, বিৰোধী পক্ষই আদানি গোটৰ বিৰুদ্ধে উৎকোচৰ বিষয়টোকলৈ প্ৰতিবাদ সাব্যস্ত কৰি যুটীয়া সংসদীয় সমিতিৰ অনুসন্ধানৰ দাবী জনায়। লোকসভাত প্রশ্নকালৰ অন্তপৰাৰ পাছত কংগ্ৰেছ সাংসদ যুতিমানিয়ে আদানি গোটৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগৰ বিষয়টো উত্থাপন কৰে। ইয়াৰ প্ৰত্যুত্তৰত বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই ৰাজীৱ গান্ধী ফাউণ্ডেচন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ মাজৰ অবৈধ সম্পৰ্কৰ বিষয়টো উত্থাপন কৰে। সাংসদগৰাকীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়’ যাত্ৰা আৰু তেওঁৰ আমেৰিকা ভ্ৰমণৰ ব্যয় জৰ্জ ছ’ৰ’ছ সংস্থাই বহন কৰিছিল বুলি অভিযোগ তোলে। শ্রীডুবেই লগতে ইউ পি এ চৰকাৰৰ শাসনকালতজর্জ ছ’ৰ’ছে ভাৰতীয় ষ্টক বজাৰত বৃহৎ বিনিয়োগ কৰাৰো অভিযোগ উত্থাপন কৰে। সাংসদগৰাকীৰ অভিযোগৰ বিৰোধিতা কৰি কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলসমূহে সদনৰ মজিয়ালৈ আহি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজত অধ্যক্ষই সদনৰ কাম-কাজ দিনৰ ১ বজালৈ স্থগিত ৰাখে। ইয়াৰপূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই টি এম চিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধে কালি সদনত ব্যক্তিগত কটাক্ষ কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। শ্ৰীবিৰলাই এনে কাৰ্য সদনৰ মৰ্যাদাৰ পৰিপন্থী বুলি উল্লেখ কৰে। তেওঁ সদস্যসকলক ব্যক্তিগতভাৱে আক্রমণ নকৰিবলৈ আৰু সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনায়। ইফালে, ৰাজ্যসভাত পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিভিন্ন বিষয় লৈ বিৰোধী পক্ষৰ সাংসদসকলে দাখিল কৰা সভা স্থগিতকৰণৰ জাননী প্রত্যাখ্যান কৰে। বিৰোধী দলসমূহে এই কথাৰ প্ৰতিবাদ কৰি সদনত শ্ল’গান দিবলৈ আৰম্ভ কৰে। উচ্চ সদনৰ নেতা তথা কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডাই কয়, যে সভাপতিৰ সিদ্ধান্তক লৈ প্রশ্ন বা সমালোচনা কৰিব নোৱাৰি। তেওঁ সংবাদ মেল সম্বোধন কৰি সভাপতিগৰাকীক প্ৰশ্ন কৰাৰ বাবে বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেক সমালোচনা কৰে। বিৰোধী নেতাগৰাকীৰ এই কাৰ্যক তেওঁ সদন আৰু সভাপতিৰ মৰ্যাদা হানি কৰা বুলি অভিযোগ তোলাৰ লগতে সভাপতিৰ সাংবিধানিক পদবীক অৱমাননা কৰা বুলি উল্লেখ কৰে। শ্ৰীনাড্ডাই সংসদীয় কাৰ্যক্ৰমণিকাৰ প্ৰতি কংগ্ৰেছৰ কোনো ধৰণৰ সন্মান নাই বুলি অভিযোগ তুলি কয়, যে এই সকলোবোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছ’ৰ’ছ সংস্থাৰ সৈতে কংগ্ৰেছৰ একাংশ নেতাৰ সম্পৰ্ক থকা বুলি উঠা অভিযোগৰ বিষয়টোৰ পৰা আঁতৰি থকাৰ বাবে চেষ্টা কৰা হৈছে। ইফালে, শাসকীয় পক্ষই সদনৰ মূল বিষয়সমূহৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰিছে বুলি বিৰোধী নেতা মল্লিকার্জুন খার্গেই অভিযোগ তোলে। শাসকীয় আৰু বিৰোধী পক্ষৰ মাজৰ অভিযোগ-প্রতিঅভিযোগ বাহাল থকাৰ পৰিপ্ৰেক্ষিতত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত ঘোষণা কৰে।
Site Admin | December 12, 2024 7:36 PM | parliament