শাসকীয় বিজেপি আৰু বিৰোধী দলৰ সদস্য উভয়ে পৰস্পৰৰ বিৰুদ্ধে সুকীয়াকৈ কৰা প্ৰতিবাদৰ মাজতে আজি সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ প্ৰতাপ সাৰংগী আহত হয়৷ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সাৰংগীয়ে কয় যে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ঠেলি দিয়া এগৰাকী সাংসদ অতর্কিতে গাৰ ওপৰত পৰি যোৱাত তেওঁ আহত হয়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই ঘটনাক গৰিহণা দিয়ে। তেওঁ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ সাংসদসকলে বিজেপিৰ সাংসদজনক আক্রমণ কৰিছিল বুলিও অভিযোগ তোলে। তেওঁ লগতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে শাৰীৰিকভাৱে কৰা আচৰণত অসন্তুষ্টি ব্যক্ত কৰে৷ ইয়াৰ বিপৰীতে শ্ৰী গান্ধীয়ে সংসদৰ ভিতৰত প্ৰবেশৰ চেষ্টা কৰোতে বিজেপিৰ সাংসদসকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰাৰ উপৰি তেওঁলোকেই তেওঁক ঠেলি দিয়া আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এয়া সদনৰ প্ৰৱেশদ্বাৰ আৰু প্ৰতিজন সাংসদৰ সদনৰ ভিতৰলৈ যোৱাৰ অধিকাৰ আছে। সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে শাসকীয় দলৰ সাংসদে তেওলোকক সংসদ ভৱনত প্ৰৱেশত বাধা প্ৰদান কৰা কাৰ্যই লোকসভাৰ অধ্যক্ষৰ নিৰ্দেশক উলংঘা কৰিছে৷ তেওঁ লগতে কয় যে সদনৰ কোনো সদস্যক প্রবেশদ্বাৰ বন্ধ কৰিবলৈ দিয়া উচিত নহয়।
Site Admin | December 19, 2024 4:30 PM | BJP | MP Protest