শাসকীয় আৰু বিৰোধী পক্ষই উত্থাপন কৰা অভিযোগ-প্ৰতি অভিযোগক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্য ক্রমণিকা দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। কাৰ্য্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভা দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে কংগ্ৰেছ সদস্যসকলৰ আচৰণক লৈ তীব্ৰ আপত্তি দৰ্শায়। তেওঁ দলটোৰ সদস্যসকলে সদনৰ কাৰ্যক্ৰমণিকাত ব্যাঘাত জন্মোৱা বুলি অভিযোগ তুলি তেওঁলোকক ক্ষমা প্রার্থনা কৰিবলৈ দাবী জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে কংগ্ৰেছ দলৰ কেইবাগৰাকীও নেতাৰ ঘনিষ্ঠতা থকা বুলি অভিযোগ তুলি তেওঁ দলটোক এইক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।ৰাজ্যসভাতো আজি আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে দিল্লীৰ আইন-শৃংখলা পৰিস্থিতি সম্পৰ্কত কেতবোৰ বিষয় উত্থাপনৰ চেষ্টা কৰে। সভাপতি জগদীপ ধনখড়ে সিঙৰ অনুৰোধৰ প্ৰতি কর্ণপাত নকৰাত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু ফলত উচ্চ সদনৰ কাম-কাজো দিনৰ ১২ বজালৈকে স্থগিত ৰাখিবলীয়া হয়। ইয়াৰ পাছত দুপৰীয়া সদন পুনৰ মিলিত হোৱাৰ সময়তো ৰাজ্যসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ আগতে সদনে প্রাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্রী এছ এম কৃষ্ণাৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ সদগতিৰ বাবে মৌন প্রার্থনা জনায়।
Site Admin | December 10, 2024 8:03 PM | parliament | Parliament House | Rajya Sabha