শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ ৰাজ্যৰ কৃষি বিভাগৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ

ৰাজ্যৰ কৃষি বিভাগে শস্য অনিষ্টকাৰী চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্রী অতুল বৰাই ডিব্ৰুগড় জিলা কৃষি, কৃষি অভিযান্ত্ৰিকৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ এই সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ কেইবাখনো গাঁৱৰ কৃষিভূমিত চৰহা আৰু শুৰ পোকৰ উপদ্ৰৱৰ বাবে বহুসংখ্যক কৃষকে সমস্যাৰ সন্মুখীন হৈছে। কৃষি মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে। তেওঁ কৃষকসকলৰ সৈতে যোগাযোগ অব্যাহত ৰাখি শস্য অনিষ্টকাৰী পোকৰ উপদ্ৰৱ সন্দৰ্ভত চোকা দৃষ্টি ৰাখিবলৈ বিষয়াসকলক নির্দেশ দিছে। মন্ত্ৰী শ্ৰীবৰাই বৈঠকত অংশ লৈ জিলাখনত পি এম কিষাণ, প্রধানমন্ত্রী ফচল বীমা যোজনা, ডিজিটেল ক্ৰ’প ছার্ভে, অইল পাম খেতি, জলসিঞ্চন ব্যৱস্থাকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ আঁচনিসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ সন্দৰ্ভত বুজ লয়। লগতে জিলাখনৰ বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ প্ৰদানৰ বাবে ৰবি শস্যৰ খেতিৰ পৰিকল্পনা গ্রহণ কৰি সফল কাৰ্যকৰীকৰণৰ বাবে বিষয়াসকলক তেওঁ নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক