June 16, 2024 1:46 PM | Indian Railway

printer

শয়নকক্ষযুক্ত বন্দে ভাৰত ৰে’লৰ পৰীক্ষামূলক চলাচল অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব: ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

শয়নকক্ষযুক্ত বন্দে ভাৰত ৰে’লৰ পৰীক্ষামূলক চলাচল অহা দুমাহৰ ভিতৰত আৰম্ভ হ’ব। সম্প্ৰতি ৰে’ল বিভাগে বন্দে ভাৰত এক্সপ্ৰেছ চেয়াৰকাৰহে চলাচল কৰাই আছে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত কয় যে, জনসাধাৰণে শয়নকক্ষ যুক্ত বন্দে ভাৰত ৰে’ল চলাচলৰ বাবে বহুদিনৰ পৰাই দাবী জনাই আহিছে। উল্লেখযোগ্য যে, বন্দে ভাৰত হৈছে দেশৰ প্ৰথমখন অৰ্ধ দ্ৰুতবেগী শ্ৰেণীৰ ৰে’ল। মন্ত্ৰীগৰাকীয়ে কয় যে, অহা ৫ বছৰত চৰকাৰে ৰে’ল আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ লগতে যাত্ৰীসকলক আৰামদায়ক যাত্ৰা সুবিধা প্ৰদানৰ বাবে চেষ্টা কৰিব। তেওঁ কয় যে, যোৱা ১০ বছৰত দেশত ৩৫ হাজাৰ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণ কৰা হৈছে। নিম্ন আয়ৰ লোকসকলক আৰামদায়ক যাত্ৰা সুবিধা প্ৰদানত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, অমৃত ভাৰত ৰে’লৰ নিৰ্মাণ বৃদ্ধিৰ বাবে কাম অব্যাহত আছে। চলিত গ্রীষ্মকাল ছোৱাত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল বিভাগে প্রায় ৪ কোটি লোকে যাত্ৰা কৰিব পৰাকৈ প্ৰায় ২০ হাজাৰখন বিশেষ ৰে’লৰ চলাচল আৰম্ভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক