আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ’বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ’ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প’ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শর্মাই। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল’ব পাৰিব।
Site Admin | November 7, 2024 7:59 PM | Akashvani | akashvani dristipat | Dristipat-Akashvani GHY
শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা’ সন্দৰ্ভত আলোচনা
