ভাৰতে শক্তিৰ সূচকাংকৰ দিশৰ পৰা জাপানক অতিক্ৰম কৰি ASIA POWER INDEX-ৰ তৃতীয় স্থান অধিকাৰ কৰিছে। চলিত বৰ্ষৰ ASIA POWER INDEX-ৰ প্ৰতিবেদন অনুসৰি ক’ভিড অতিমাৰীৰ পৰৱৰ্তী সময়ছোৱাত শক্তিশালী অর্থনৈতিক বিকাশৰ জৰিয়তে দেশখনে ইয়াৰ অর্থনৈতিক সমর্থক ৪.২ পইণ্ট বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। একেদৰে ভৱিষ্যতৰ সম্পদ শিতানক ৮.২ পইণ্টৰ অগ্ৰগতিকে ধৰি প্ৰতিবেদনত বিবেচনাৰ অধীনলৈ অহা সম্পদসমূহৰ প্ৰতিটো শিতানতেই ভাৰতে অগ্রগতি প্ৰদৰ্শন কৰিছে। এনে বিকাশৰ ফলত যুৱ শক্তিৰ প্ৰাধান্য ঘটা ভাৰতৰ জনসংখ্যাই এছিয়াৰ আন দেশসমূহৰ তুলনাত আহিবলগীয়া দিনবোৰত অধিক উজ্বল ভৱিষ্যতৰ ইংগিত বহন কৰে বুলিও প্রকাশ পাইছে। একেদৰে কূটনৈতিক প্ৰভাৱৰ দিশৰ পৰাও ভাৰতে নিজৰ স্থান উন্নত কৰিবলৈ সমৰ্থ হৈছে। ২০২৩ বৰ্ষত ASIA POWER INDEX-ৰ অন্তৰ্ভুক্ত দেশসমূহৰ ভিতৰত ষষ্ঠ সর্বাধিক সংখ্যক আলোচনাত অংশগ্ৰহণকাৰী দেশ হিচাপে পৰিগণিত হৈ ভাৰতে নিজৰ স্থান উন্নত কৰিছে। এনে উত্তৰণৰ ফলত দেশখনৰ ভূ-ৰাজনৈতিক অৱস্থানৰ উন্নতি ঘটাৰ সমান্তৰালভাৱে জাপানৰ দৰে দেশক অতিক্ৰম কৰি ভাৰতে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বহিঃ পৰিবেশক আকাৰ প্ৰদান কৰাৰ সামৰ্থৰ ওপৰত ভিত্তি কৰি ২৭ খন দেশ তথা অঞ্চলক ASIA POWER INDEX-ৰ অধীনত বিবেচনা কৰা হয়। এনে অঞ্চলসমূহক পশ্চিমে পাকিস্তান পর্যন্ত, উত্তৰে ৰাছিয়া পৰ্যন্ত তথা প্রশান্ত মহাসাগৰৰ ক্ষেত্ৰত অস্ট্রেলিয়া, নিউজিলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ পর্যন্ত স্পৰ্শ কৰে।
Site Admin | September 25, 2024 6:33 PM | ASIA POWER INDEX