June 23, 2024 12:36 PM | Ambubachi Mela

printer

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিন

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিন। দেশী-বিদেশী, বিভিন্ন বেশ-ভূষাৰ সাধু,সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে অহা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা ৰখা হোৱা নাই। একেদৰে ২৬ আৰু ২৭ জুনত বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা ৮ বজা পর্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব। অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা ৯ বজা পর্যন্ত খোলা থাকিব। অম্বুবাচী মেলাৰ বাবে প্ৰশাসনে ২৫ জুনৰ মাজ নিশালৈ গাড়ী-মটৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। যান বাহন শাখাৰ উপায়ুক্তই জনোৱা মতে কেইবাটাও পথত যানবাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তীর্থযাত্রী, ভক্ত, দিব্যাংগসকলৰ সুৰক্ষিত যাতায়াত নিশ্চিত কৰাৰ লগতে জৰুৰীকালীন সেৱাৰে জড়িত যান বাহনৰ চলাচল সুচল কৰাৰ বাবে এই বাধা আৰোপ কৰা হৈছে। অম্বুবাচী মেলাৰ সময়ছোৱাত নামনিৰ পৰা কামাখ্যা মন্দিৰলৈ উঠি যোৱা পথছোৱাত কোনো বাহন চলাচল কৰিব নোৱাৰিব। উল্লেখযোগ্য যে ভক্তসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰে’ল ষ্টেচন আৰু পাণ্ডু ঘাটত দুটাকৈ আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিছে। অম্বুবাচী মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ নীলাচল পাহাৰক ধূমপানমুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। সুৰাপান অথবা অন্য নিচাযুক্ত দ্ৰব্য সেৱন কৰা কোনো লোকক দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। মহোৎসৱৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ইপিনে, কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

অধিক পঢ়ক

সকলো চাওক