ডাউনলোড
মোবাইল এপ

android apple
signal

শংকৰদেৱে আজিৰপৰা ৫০০ বছৰ পূৰ্বে জাত-পাতৰ বিভেদ আঁতৰাই ঐক্যবদ্ধ সমাজ নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছিলঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয়, যে ভাৰতীয় সনাতন সভ্যতাই সৃষ্টিৰ আদিৰেপৰা বৰ্তমানলৈকে সমাজত অস্পৃশ্যতা, উচ্চ-নীচৰ বিভেদ আঁতৰাই সকলোকে একেলগে থকাৰ বাবে প্ৰেৰণা যোগাই আহিছে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কালি বাল্মিকী সংগীত বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ‘সমতাৰ ছন্দেৰে জীৱনৰ জয়গান’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্ৰীয়ে এনেদৰে কয়। শ্ৰী শৰ্মাই ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৃষ্ট কলাত্মক শৈলী প্ৰদৰ্শনৰ কথা উল্লেখ কৰি সংস্কৃতিৰ মাধ্যমেৰে সমন্বয়ৰ পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ বৰগীত সুন্দৰভাৱে পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ প্ৰতিভাৰ পৰিচয় দেখুৱাবলৈ সমৰ্থ হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অসমীয়া জাতিৰ পিতৃস্বৰূপ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে

শংকৰদেৱে আজিৰপৰা ৫০০ বছৰ পূৰ্বে জাত-পাতৰ বিভেদ আঁতৰাই ঐক্যবদ্ধ সমাজ নিৰ্মাণৰ পৰিৱেশ গঢ়ি তুলিছিল।

মুখ্যমন্ত্ৰী শৰ্মাই মহাপুৰুষ দুয়োগৰাকীৰ লগতে দামোদৰদেৱ, ভট্টদেৱকে ধৰি অন্যান্যসকলে দেখুৱাই যোৱা পথেৰে আগবাঢ়ি গৈ অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক