ডাউনলোড
মোবাইল এপ

android apple
signal

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ’ব

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি এই কথা প্ৰকাশ কৰে।
যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ৭২ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি পাটনালৈ অনাৰ ব্যৱস্থা কৰা হৈছে। প্ৰসিদ্ধ শিল্পীগৰাকীৰ পুত্ৰ, লোকসংগীতৰ গায়ক অংশুমান সিনহাই জানিবলৈ দিয়া মতে গংগা নৈৰ পাৰৰ গুলাবী ঘাটত কাইলৈ তেওঁৰ মাতৃৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। উল্লেখযোগ্য যে ভোজপুৰী আৰু মৈঠেলী লোক সংগীতৰ বাবে সাৰদা সিনহাক পদ্মশ্ৰী, পদ্মভূষণ আৰু সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল। ২০১৮ বৰ্ষত গায়িকাগৰাকীক কলাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হৈছিল।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে গায়ীকাগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। ৰাষ্ট্ৰপতি মুমুৱে সামাজিক মাধ্যমযোগে কৈছে যে, বিহাৰৰ কোকিলাৰূপে পৰিচিত সাৰদা সিনহাই মৈঠেলী আৰু ভোজপুৰী ভাষাৰ লোকগীতত কণ্ঠদান কৰি সংগীতৰ জগতত অপাৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, তেওঁ গোৱা মৈঠেলী আৰু ভোজপুৰী ভাষাৰ গানসমূহ বিগত কেইবা দশক ধৰি জনপ্ৰিয় হৈ আছে। প্রধানমন্ত্ৰীয়ে তেওঁৰ মৃত্যুক সংগীত জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে সুমধুৰ কণ্ঠৰে পাঁচ দশকৰো অধিক সময় ধৰি ভাৰতীয় সংগীতৰ উত্থানৰ হকে চলোৱা প্ৰচেষ্টাৰ বাবে গায়িকাগৰাকীক ভূয়সী প্ৰশংসা কৰিছে। তেওঁ কয় যে, বিহাৰৰ কোকিলা ৰূপে জনাজাত সাৰদা সিনহাই মৈঠেলী আৰু ভোজপুৰী লোক সংগীতক জনপ্ৰিয় কৰি তুলিছে।
উল্লেখযোগ্য যে জনপ্রিয় শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কাইলৈ পাৰ্টনাত উপস্থিত হ’ব।

অধিক পঢ়ক

সকলো চাওক