May 20, 2024 12:26 PM | Election update

printer

লোকসভা পৰৱতী দুটা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ ইতিমধ্যে ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱা পৰ্যায়সমূহৰ পৰিস্থিতি পর্যালোচনা কৰি বাকী থকা পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ৰাজনৈতিক দলসমূহে অধিক আগ্রাসী ৰূপত নির্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ঝাৰখণ্ড, পশ্চিমবংগ আৰু ওড়িশাৰ কেইবাখনো নির্বাচনী সভাত অংশ লয়। প্রধানমন্ত্ৰীগৰাকীয়ে আজি ওড়িশাৰ পুৰীত এটা ৰোড শ্ব’ৰ লগতে ৰাজ্যখনৰ ধেনকানান আৰু কটকত নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে বিয়লিৰ ভাগত তেওঁ পশ্চিমবংগৰ তামলুক আৰু ঝাৰগ্ৰামত দুখনকৈ জনসভা সম্বোধন কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দক্ষিণ দিল্লী লোকসভা সমষ্টিৰ সংগম বিহাৰত এখন জনসভাক সম্বোধন কৰিব। শ্রী শ্বাহে আজি হাৰিয়ানাৰ কৰ্নাল, হিছাৰ আৰু ঝজ্বৰতো জনসভাত অংশ ল’ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লী সংসদীয় সমষ্টিৰ মালবিয়া নগৰত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব। দলৰ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পূব দিল্লী সমষ্টিৰ ময়ূৰবিহাৰত এখন জনসভাক সম্বোধন কৰিব। উত্তৰ-পূব দিল্লী সমষ্টিৰ কংগ্ৰেছ প্রার্থী কানহায়া কুমাৰে আজি জহৰীপুৰ, গকুলপুৰী আৰু সুভাষ মোহল্লাত বিভিন্ন জনসভাত ভাষণ দিব। উত্তৰ-পশ্চিম দিল্লীৰ দলৰ প্ৰাৰ্থী উদিত ৰাজেই আজি নাংলয় আৰু তিক্ৰী কালানত ৰোড শ্বত অংশগ্ৰহণ কৰিব। পশ্চিম দিল্লীৰ পৰা আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মহাবল মিশ্ৰই শংকৰ গার্ডেন আৰু ভাৰত বিহাৰ কলনীৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে, দিল্লীৰ ৭খন আসনৰ বাবে অহা ২৫ মে’ত ভোটগ্ৰহণ কৰা হ’ব।