ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগৰ বিশেষ ব্যৱস্থা গ্ৰহণ

ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নির্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত ভোটদাতাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্রহণ প্ৰক্ৰিয়া সূচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। ৰাজ্যখনত নিৰ্বাচন প্ৰযুক্তিৰ সহায়ত পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰোনেট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচন আচৰণবিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্রেই নির্বাচন আয়োগক অৱগত কৰিবলৈ চি ভিজিল এপ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। এই এপত পঞ্জীয়ন হোৱা ৯০ শতাংশ গোচৰ লাভ কৰাৰ এশ মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হৈছে বুলিও ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে জানিবলৈ দিয়ে। -ভইছ- নিৰ্বাচনত স্পৰ্শকাতৰ হিচাপে বিবেচিত হবলগীয়া ভোটকেন্দ্ৰসমূহত ৱেৱকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰে বাহিৰে চি এ পি এফ অর্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ’ব। তদুপৰি ই ভি এমসমূহ অনা-নিয়া কৰা বাহনসমূহত জিপিএছ সংলগ্ন কৰি ৰখা হ’ব। প্ৰায় ২০ হাজাৰখন বাহনত জিপিএছ ট্রেকিঙৰ ব্যৱস্থা থাকিব। তেওঁ কয় যে এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ ৬০ টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ-যাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। তেওঁ কয় যে এইবাৰ ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন লোকসকলে ব্রেইল পদ্ধতিৰে ভোট দিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক