লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্রহণ হ’ব। নির্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ হুছিয়াৰপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীগৰাকীয়ে হুছিয়াৰপুৰৰ নিৰ্বাচনী সভাত কংগ্ৰেছ দল আই এন ডি আই মিত্রজোঁটে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে বুলি সমালোচনা কৰি কয় যে, বিৰোধী দলটোৱে ৰাজনীতিৰ বাবেই ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত বিৰোধিতা কৰি আহিছিল। লগতে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে, দলিত আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ পৰা কোনেও সংৰক্ষণ কাঢ়ি নিব নোৱাৰে। সংৰক্ষণৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ নীতি অতি গর্হিত। তেওঁলোকে দলিত, অন্যান্য পিছপৰা শ্ৰেণীৰ লোকৰ সংৰক্ষণ কাঢ়ি নি কেৱল ধর্মীয় সংখ্যালঘু লোকক দিব বিচাৰে। এয়া দেশক ধৰ্মৰ ভিত্তিত বিভাজন কৰাৰ এক গভীৰ ষড়যন্ত্র। কংগ্ৰেছৰ এনে নীতি আমি উদঙাই দিয়াৰ বাবে তেওঁলোকে আমাক সমালোচনা কৰিছে। পঞ্জাৱত নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে তিনিদিনীয়া ভ্রমণসূচীৰে কন্যাকুমাৰীত উপস্থিত হয়। শ্রীমোদীয়ে প্রথমে ভাগৱতী মন্দিৰ দৰ্শন কৰে। তাৰ পাছত তেওঁ এম এল বিবেকানন্দ জাহাজত উঠি স্বামী বিবেকানন্দ স্মাৰক ভ্ৰমণ কৰে। এই স্থানতে তেওঁ তিনি দিনৰ বাবে ধ্যানত বহিব। ১ জুনৰ দিনা ধ্যান সামৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এখন বিশেষ বিমানেৰে ত্ৰিবান্দমলৈ উভতি আহিব । ওড়িশাৰ ৬টা সংসদীয় সমষ্টিৰ লগতে ৰাজ্যখনৰ ৪২টা বিধানসভা সমষ্টিটো পৰহিলৈ ভোটগ্রহণ হ’ব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে ওড়িশাৰ বালাছ”ৰ লোকসভা সমষ্টিৰ ছিমুলিয়াত এখন নির্বাচনী প্ৰচাৰ সভাত ভাগ লৈ ৰাজ্যখনৰ শাসকীয় দল বি জে ডি আৰু বিজেপিৰ মাজত ৰাজনৈতিক মুনাফাৰ বাবে ভিতৰি বুজাপৰা থকাৰ অভিযোগ আনে। কংগ্ৰেছ জ্যেষ্ঠ নেতাগৰাকীয়ে লগতে কয় যে, বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁৰ ওপৰত ৪২টাকৈ গোচৰ ৰুজু হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বুজাপৰা থকাৰ বাবে ওড়িশাৰ মুখ্যমন্ত্রী নবীন পার্টনায়ক বহুকেইটা কেলেংকাৰিৰ সৈতে জড়িত হোৱাৰ স্বতেও কোনো এটা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই।

অধিক পঢ়ক

সকলো চাওক