লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নির্বাচন হ’বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নির্বাচনী সভা তথা ৰোড শ্ব’ৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰিবলৈ আপ্রাণ প্রয়াস চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমানবন্দৰ খেলপথাৰত এখন নির্বাচনী সভাক সম্বোধন কৰিব। বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা ছ’ৰেনৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, প্ৰাৰ্থীগৰাকী হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰববী শিবু ছ’ৰেনৰ বোৱাৰীয়েক। এটা সংবাদ গোষ্ঠীত দিয়া সাক্ষাৎকাৰত কালি শ্রীমোদীয়ে কয় যে, আত্মনিৰ্ভৰ ভাৰত উদ্যমৰ অধীনত দেশৰ থলুৱা প্ৰতিভাক বিকাশ কৰাৰ লগতে নিয়োগ বৃদ্ধি কৰিবলৈ চেষ্টা চলোৱা হৈছে। তেওঁ কয় যে, চৰকাৰে দেশক অগ্ৰাধিকাৰ দি প্ৰতিটো সিদ্ধান্ত লৈ আহিছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ দেওঘৰত ৩খন নির্বাচনী সভাত ভাগ ল’ব। আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সমষ্টিটোত পৰহিলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰাৰ কথা আছে। লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত অহা ১ জুনত ঝাৰখণ্ডৰ গোড্ডা, ডুমকা আৰু ছাহিবগঞ্জত ভোটগ্ৰহণ কৰা হ’ব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাই ছাহিবগঞ্জত জয়লাভ কৰিছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধীয়ে কালি হিমাচল প্ৰদেশৰ চাম্বা আৰু ছাহপুৰ সংসদীয় সমষ্টিত দুখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত শ্ৰীমতী গান্ধীয়ে সমগ্ৰ দেশতে জনসাধাৰণে মুদ্রাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰি নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে, আই এন ডি আই মিত্রজোঁটে মহালক্ষ্মী আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়ালৰ মহিলাসকলৰ সৱলীকৰণৰ হকে কাম কৰিব।
Site Admin | May 28, 2024 12:59 PM | 7th Phase Campaign