লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। এই পৰ্যায়ত পহিলা জুনত ৭ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৭টা সমষ্টিত ভোটগ্ৰহণ কৰা হ’ব। সপ্তম পৰ্যায়ত মুঠ ৯০৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পশ্চিমবংগৰ মথুৰাপুৰত এটা নির্বাচনী সমাৱেশত ভাষণ দিয়ে। তেওঁ কয় যে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপেই হওক অথবা জাপানেই হওক সম্প্রতি সকলোৱে ভাৰতলৈ সন্মানৰ দৃষ্টিৰে চায়। তেওঁ কয় যে, জনসাধাৰণে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক কেন্দ্ৰত ক্ষমতাত অধিস্থিত কৰাৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। বৰ্তমান চৰকাৰৰ বিভিন্ন সাফল্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে ৪ কোটি লোকক বাসগৃহ প্ৰদান কৰিছে, ১২ কোটি বাসগৃহলৈ নলযোগে পানী যোগান ধৰিছে আৰু দেশৰ প্ৰতিখন গাওঁলৈ বিদ্যুৎ যোগান ধৰিছে। তেওঁ কয় যে সম্প্ৰতি ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থব্যৱস্থাৰ দেশৰূপে পৰিগণিত হৈছে। ভাৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত অগ্ৰসৰ হোৱা বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে পৰৱৰ্তী ৫ বছৰে এখন সোণালী ভাৰতবৰ্ষ গঢ়াত এটা নির্ণায়ক ভূমিকা পালন কৰিব।

অধিক পঢ়ক

সকলো চাওক