লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। এন ডি এৰ নেতা আৰু আন মিত্রজোঁটে নির্বাচন অনুষ্ঠিত হ’বলগা অঞ্চলসমূহত ধাৰাবাহিকভাৱে বিভিন্ন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে আজি উত্তৰ প্ৰদেশৰ কুশীনগৰ, ছালেমপুৰ আৰু চাণ্ডৌলী লোকসভা সমষ্টিত নির্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাআই আজি বাৰানসীত বিভিন্ন কাৰ্যসূচীত শিপিনী, মৃৎশিল্পী, ভোটাৰ তথা নাগৰিকৰ সৈতে মত-বিনিময় কৰিব। জ্যেষ্ঠ বিজেপি নেতা তথা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে আজি পাতলিপুত্ৰ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থীগৰাকীৰ হৈ পাটনাৰ মনেৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। জনতা দল ইউনাইটেডৰ সভাপতি আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নালন্দা সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব ইফালে, কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি হিমাচল প্ৰদেশৰ চাম্বা আৰু শ্বাহপুৰত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে পাটনা চাহিব সংসদীয় সমষ্টিৰ খুচৰুপুৰ আৰু পাতলিপুত্ৰ লোকসভা সমষ্টিৰ মনেৰত নিৰ্বাচনী প্ৰচাৰ চলাব। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে আৰ জে ডি আৰু চি পি আই এম এলৰ প্ৰাৰ্থীৰ সমৰ্থনত জেহানাবাদ, পাতলিপুত্ৰ আৰু আৰাহ সংসদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
Site Admin | May 27, 2024 6:03 PM | 7th Phase Campaign