ডাউনলোড
মোবাইল এপ

android apple
signal

লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ

লোকসভা নিৰ্বাচনৰ অহা ১ জুনত হ’বলগীয়া সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্রহণৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া আজি আৰম্ভ হৈছে। এই পৰ্যায়ত এখন ৰাজ্য আৰু এটা কেন্দ্ৰীয়শাসিত অঞ্চলত ৫৭খন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩খনকৈ, পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু কেন্দ্ৰীয়শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম দিন হৈছে ১৪ মে’। মনোনয়ন পত্ৰসমূহ ১৫ মে’ত পৰীক্ষা কৰা হ’ব আৰু মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন ১৭ মে’ ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সমষ্টিতো এই পর্যায়তে নির্বাচন অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক